প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

ডিজিটেল ডেস্কঃ ১২ বছৰীয়া নিজ কন্যাক ধৰ্ষণ কৰাৰ অভিযোগত পিতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আৰক্ষীয়ে৷ বিগত দুটা বছৰে নিজ কন্যাক যৌন নিৰ্যাতন চলোৱাৰ অন্তত এই ঘটনা পোহৰলৈ আহে৷ পঞ্চম শ্ৰেণীত অধ্যয়ণৰত নিজ কন্যাক পিতৃয়ে কৰা যৌন নিৰ্যাতন চলাই হাৰিয়ানাৰ পঞ্চকুলাৰ ইন্দিৰা কলনিত৷

জানিব পৰা মতে, শনিবাৰে ইন্দিৰা কলনিৰ ছেক্টৰ-১৬ৰ পেচাত ৰাজমিস্ত্ৰীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হয়৷ মাতৃয়ে এই কথা অৱগত হোৱাৰ পিছতো স্বামীৰ ভয়ত মুখ খুলিব পৰা নাছিল৷ hindustantimes.com প্ৰকাশিত খবৰ মতে, শনিবাৰে পঞ্চম শ্ৰেণীত অধ্যয়ণৰত কন্যাগৰাকীয়ে বিদ্যালয়ত কান্দিবলৈ ধৰে৷

যাৰ বাবে মাতৃক বিদ্যালয়লৈ মাতি পঠিয়াই বিদ্যালয় কৰ্তৃপক্ষই৷ মাতৃ উপস্থিত হোৱাৰ পিছত ওলাই ওৰহিৰ ওৰ৷ সকলো কথা বিৱৰি কোৱাৰ লগতে স্বামীক এই কাণ্ডত বাধা আৰোপ কৰিলে মাৰধৰ কৰা বুলি কয়৷ তাৰ পিছতেই বিদ্যালয় কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে৷

আৰক্ষীয়ে পিতৃক আটক কৰি তদন্ত আৰম্ভ কৰে৷ এই গোচৰ মহিলা আৰক্ষী থানালৈ স্থানান্তৰ কৰা হয়৷ ইতিমধ্যে মাতৃৰ ভাষ্য ৰেকৰ্ড কৰি আৰক্ষীয়ে৷ Protection of Children from Sexual Offences আইনৰ অধিনত গোচৰ ৰুজু কৰা হৈছে৷ সমগ্ৰ এলেকাত অভিযান চলাই পিতৃক আটক কৰাৰ বাবে৷