ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় সতৰ্কতা আয়োগে বহুবাৰ নিৰ্দশে পিছতো পাঞ্জাৱ নেচনেল বেংক আৰু অন্য দুটা বেংকে নিজৰ ৯জন বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত গোচৰ তৰাৰ অনুমতি দিয়া নাই। আয়োগৰ হাতত থকা তথ্য অনুসৰি এই কথা পোহৰলৈ আহিছে। নিয়মমতে, চিবিচিৰ এটি অনুৰোধত এই সম্বন্ধিত সংগঠন বা বিভাগে চাৰি মাহৰ ভিতৰত বিষয়টো সন্দৰ্ভত সিদ্ধান্ত লব লাগে।

আয়োগৰ পৰা পোৱা তথ্য অনুসৰি, ২৩টা বিষয়ত সৰ্ব্বমুঠ ৩৯জন বিষয়াৰ ওপৰত গোচৰ চলি আছে। এই গোচৰ সমূহত বেংকসমূহৰ জ্যেষ্ঠ বিষয়া আৰু ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াও জৰিত হৈ আছে। এই গোচৰ সমূহ চলোৱাৰ অনুমতিৰ অনুৰোধ সন্বলিত নথি-পত্ৰ কাৰ্যলয়তে পৰি থকা বুলি জানিব পৰা গৈছে।

ইয়াৰে চাৰিটা গোচৰ বেংকৰ লগত জৰিত। ইয়াৰে দুটা ভাৰতীয় ষ্টেট বেংক, এটা ইউকো বেংক আৰু এটা পিএনবিৰ। আয়োগে এই গোচৰত জৰিত বেংকৰ ৯জন বিষয়াৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতিৰ বাবে অপেক্ষা কৰি আছে। ৯জন বিষয়াৰ ৫জন ষ্টেট বেংকৰ আৰু ৩জন ইউকো বেংকৰ, যিসকলৰ ওপৰত গোচৰ চলোৱাৰ প্ৰক্ৰিয়া ২০১৭ বৰ্ষৰ জুন মাহৰ পৰা চলি আছে।

অন্যহাতে পিএনবিৰ মুখ্য প্ৰবন্ধকৰ সমপৰ্যায়ৰ বিষয়া এজনৰ বিৰুদ্ধে গোচৰৰ বাবে অনুমতি ৩০ আগষ্ট ২০১৭ পৰা পোৱা নাই। বাকী গোচৰ সমূহৰ ভিতৰত ৰেল মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা তথা বাণিজ্য মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰে লেহেমীয়া কৰি ৰাখিছে। চিবিচিয়ে এই গোচৰত জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, ছত্তীচগড়, অন্ধ্ৰ প্ৰদেশ আৰু অৰুণাচল প্ৰদেশৰ দৰে ৰাজ্যত কৰ্মৰত বিষয়া সমূহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতিৰ বাবে অপেক্ষা কৰি আছে।

COURTESY: Thewire.com