
গুৱহাটীঃ কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় মন্ত্ৰাণালয়ে প্ৰকাশ কৰা তথ্য মতে সকলোতকৈ কম ভিক্ষাৰী থকা ঠাই হৈছে কেন্দ্ৰীয় শাসিত লক্ষদ্বীপ৷ চৰকাৰী তথ্য মতে, লক্ষদ্বীপত মাথো দুইগৰাকী ভিক্ষাৰী আছে৷ দেশৰ ভিতৰতে সৰ্বাধিক ভিক্ষাৰী থকা ৰাজ্য হ’ল পশ্চিম বংগ৷
য’ত ৮১ হাজাৰ ২২৪ গৰাকী আছে৷ আনহাতে দ্বিতীয় স্থানত আছে উত্তৰ প্ৰদেশ ৬৫ হাজাৰ ৮৩৫ গৰাকী আৰু ২৯ হাজাৰ ৭২৩ গৰাকী ভিক্ষাৰীৰ সৈতে তৃতীয় স্থানত আছে বিহাৰ৷
ভিক্ষাৰী থকা ৰাজ্যৰ ভিতৰত মধ্য প্ৰদেশৰ স্থান হ’ল চতুৰ্থ৷ য’ত ২৮ হাজাৰ ৬৯৫ গৰাকীয়ে বাস কৰি আছে৷ তাৰ লগে লগে কেন্দ্ৰীয় শাসিত ৰাজ্য লক্ষদ্বীপত আছে মাথো দুইগৰাকী ভিক্ষাৰী৷
তাৰ লগে লগে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত বেছি ভিক্ষাৰী আছে অসমত৷ অসম শীৰ্ষত থকাৰ লগতে আটাইতকৈ কম ভিক্ষাৰী থকা ৰাজ্য হ’ল মিজোৰাম৷ সৰ্বাধিক মহিলা ভিক্ষাৰী থকা ৰাজ্যৰ তালিকাত সন্নিবিষ্ট হৈছে অসম৷ অসম, পশ্চিম বংগ আৰু মণিপুৰত দেশৰ ভিতৰত সৰ্বাধিক মহিলা ভিক্ষাৰী আছে৷
ইয়াৰোপৰি কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ভিতৰত দেশৰ ৰাজধানী দিল্লীতেই অধিক ভিক্ষাৰী আছে৷ দিল্লীৰ ভিক্ষাৰীৰ সংখ্যা হ’ল ২১৮৭ ৷
আনহাতে চণ্ডীগঢ়ত মাত্ৰ ১২১ জন আছে৷ দক্ষিণৰ ৰাজ্যসমূহৰ ভিতৰত কেৰেলাই হৈছে কম ভিক্ষাৰী থকা ৰাজ্য আৰু সকলোতকৈ অধিক ভিক্ষাৰী বাস কৰা ৰাজ্য হ’ল অন্ধ্ৰপ্ৰদেশ৷ ইয়াৰোপৰি কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ভিতৰত দেশৰ ৰাজধানী দিল্লীতো আছে বহু ভিক্ষাৰী৷ দিল্লীৰ ভিক্ষাৰীৰ সংখ্যা হ’ল ২১৮৭ ৷ আনহাতে চণ্ডীগঢ়ত মাত্ৰ ১২১ জন আছে৷
উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত অসম শীৰ্ষত থকাৰ লগতে আটাইতকৈ কম ভিক্ষাৰী থকা ৰাজ্য হ’ল মিজোৰাম৷ দক্ষিণৰ ৰাজ্যসমূহৰ ভিতৰত কেৰেলাই হৈছে কম ভিক্ষাৰী থকা ৰাজ্য আৰু সকলোতকৈ অধিক ভিক্ষাৰী বাস কৰা ৰাজ্য হ’ল অন্ধ্ৰপ্ৰদেশ৷ এই হিচাপৰ ভিত্তিত সৰ্বাধিক পুৰুষতকৈ মহিলা ভিক্ষাৰী থকা ৰাজ্য হ’ল পশ্চিম বংগ, মণিপুৰ আৰু অসম৷