♦ চিভিল বজাৰত হুলস্থূলীয়া পৰিৱেশ তীব্ৰ উত্তেজনা, উচ্ছেদ অভিযান সাময়িকভাৱে স্থগিত
♦ বেদখলকাৰীয়ে আবদ্ধ কৰিলে জে চি বি

ডিফুঃ বহু প্ৰত্যাশিত বাবেই কাৰ্বি আংলং জিলা আৰু হোজাই জিলাৰ সীমান্ত এলেকাত অঞ্চল লাংকাইজানত শনিবাৰে অসংখ্য অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে যৌথ উচ্ছেদ অভিযান চলায় কাৰ্বি আংলং জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, বনবিভাগ আৰু ৰাজহ বিভাগে৷
সীমান্তঞ্চলটোত বিগত দশক জুৰি সন্দেহ যুক্ত বাংলাদেশী লোকে কাৰ্বি আংলঙৰ ভূমিত অবৈধভাৱে বেদখল কৰি থকা বুলি গম পাই অসম চৰকাৰৰ অনুমতি সাপেক্ষে অঞ্চলটোত বসতি স্থাপন কৰি থকা প্ৰায় ১০১৬ টা ঘৰ উচ্ছেদৰ লক্ষ্য লৈ উচ্ছেদ অভিযান চলাই বেদখলকাৰী সকলৰ প্ৰায় ২৫ টা বাসগৃহ ধ্বংস কৰি পেলোৱা হয়৷
বেদখলকাৰীসকলে উক্ত স্থানত হালধি খেতি কৰি জিৱীকা নিৰ্বাহ কৰি সংস্থাপিত হৈ আহিছিল৷ পুৱাৰেপৰা আৰক্ষী প্ৰশাসন আৰু বনবিভাগৰ প্ৰায় সহস্ৰাধিক জোৱানে উচ্ছেদ অভিযান চলাই সন্দেহযুক্ত লোকসকলৰ বসতিস্থল চিভিল বজাৰত উচ্ছেদ চলাব লওতেই এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়৷
বেদখলকাৰীসকলে দাবী কৰা অনুসৰি উক্ত এলেকা হোজাই জিলাৰ অন্তৰ্ভুক্ত৷ আনহাতে কাৰ্বি আংলং জিলাৰ ৰাজহ বিভাগে উক্ত এলেকা কাৰ্বি আংলঙৰ ৰাজহ এলেকাধীন বুলি দাবী কৰাত উচ্ছেদৰ নেতৃত্ব বহন কৰা কাৰ্বি আংলং জিলাৰ উপায়ুক্ত মুকুল কুমাৰ শইকীয়া, আৰক্ষী অধিক্ষক গৌৰৱ কুমাৰ উপাধ্যায় আৰু অতিৰিক্ত উপায়ুক্ত নৰচিং বে'ই দুয়োপক্ষৰ কথাত পতিয়ন যাব নোৱাৰি বিয়লি সাময়িকভাৱে উচ্ছেদ অভিযান স্থগিত ঘোষণা কৰে৷
বকলিয়াঘাটৰপৰা প্ৰায় ৩০ আৰু ডিফুৰপৰা প্ৰায় কিল’মিটাৰ নিলগৰ অঞ্চলটোত ব্যাপক হাৰত সন্দেহযুক্ত লোক সকলে বসতি স্থাপন কৰিছে৷ সাংবাদিকৰ আগত বেদখলকাৰীসকলে উক্ত অঞ্চল হোজাইৰ নে কাৰ্বি আংলঙত আছে সেই বিষয়ত অজ্ঞতা প্ৰকাশ কৰে৷
উক্ত অঞ্চল উৰ্বৰা আৰু এনেই পৰি থকাত খেতি কৰি থকাৰ স্বীকাৰ কৰে বেদখলকাৰীসকলে৷ চিভিল বজাৰত উচ্ছেদ চলোৱা সময়তে বেদখলকাৰী সকলে উগ্ৰ ৰূপ ধাৰণ কৰি উক্ত অঞ্চল হোজাই জিলাৰ বুলি দাবী কৰে আৰু এটা জে চি বি আবদ্ধ কৰি ৰাখে পাছত জিলা আৰক্ষী অধীক্ষকৰ তৎপৰতাত জে চি বিখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
জিলা দুখনৰ মাজত স্পষ্ট সীমা নিৰ্দ্ধাৰণ নোহোৱাৰ বাবে এই উচ্ছেদ অভিযান স্থগিত ৰাখিবলগীয়া হয়৷ আনহাতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উক্ত সন্দেহযুক্ত বাংলাদেশী এলেকাত পূৰ্ণগতিত উচ্ছেদ অভিযান চলোৱা হ’ব বুলি কয়৷
উচ্ছেদ অভিযানৰ পাছত অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে কাৰ্বি আংলং জিলাৰ উচ্ছেদ অভিযানৰ অন্তত হোজাই জিলা প্ৰশাসনে কি প্ৰতিক্ৰিয়া গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে৷