নগাঁওঃ মহাশিৱৰাত্ৰি উপলক্ষ্যে সমগ্ৰ ৰাজ্যৰ দৰে নগাঁৱৰ সৰ্বত্ৰে বৈছে উছাহৰ ঢল৷ মন্দিৰে মন্দিৰে ভক্তৰ সমাগমেৰে দেখা গৈছে উদুলি-মুদুলি পৰিৱেশ৷ পুৱাৰেপৰা নিজৰ মনোবাঞ্ছা পূৰণাৰ্থে দেৱাদিদেৱ মহাদেৱক পূজা-অৰ্চনা কৰিবলৈ অহা কণ কণ শিশুৰপৰা আবাল-বৃদ্ধ-বণিতাৰ উপস্থিতিৰে সৰু-বৰ সকলো মন্দিৰ-দেৱালয়ত বিৰ দি বাট নোপোৱা পৰিস্থিতিৰ সৃষ্টি হৈছে৷

আনকি পৰীক্ষাৰ বতৰ চলি থকা সত্ত্বেও বাধা দিব পৰা নাই ভক্তৰ সমাগমক৷ কাৰণ সকলোয়ে বিশ্বাস কৰে যে 'শিৱ চতুৰ্দশী’ ব্ৰত উপলক্ষ্যে আজিৰ দিনটোত শিৱ লিংগত এৱাঁ গাখীৰ ঢালি বেলপাত, এচিলিম ভাং, এগছি বন্তি-চাকি, মাহ-প্ৰসাদ আদি নৈৱেদ্য হিচাপে আগবঢ়ালে ভক্তৰ মনোকামনা পূৰণ হয়৷

সেয়ে সকলোৱে মহাদেৱ শিৱক আৰাধনা কৰিবৰ বাবেই ভিৰ কৰিছে মন্দিৰ-দেৱালয়ৰ প্ৰাংগণ৷ ফলত মন্দিৰ-দেৱালয়বোৰত ভক্তই আগবঢ়োৱা ফল-মূল, ধূপ-ধূনা, চাকি-বন্তি আদিৰ সংমিশ্ৰিত সুগন্ধই চৌপাশ আমোল-মোলাই এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে৷

ইফালে, শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি জিলাখনৰ ঠায়ে ঠায়ে শিৱ পূজাৰ লগতে অংকীয়া ভাওনা, পাল্লা, নৃত্য, দিহানাম প্ৰদৰ্শনকে ধৰি নানা সাংস্কৃতিক কাৰ্যসূচীৰ ব্যৱস্থা কৰিছে উদ্যোক্তাসকলে।