তামুলপুৰঃ দেউতাই দেশ আৰু জাতিৰ হকে আত্ম বলিদান দি যি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল, সেই গৌৰৱ মই কেতিয়াও হেৰুৱাব নোখোজো৷ বৰঞ্চ দুগুন উৎসাহেৰে দেউতাৰ ত্যাগ আৰু আদৰ্শক শ্ৰদ্ধা জনাই দেশ আৰু জাতিৰ হকে সেৱা আগবঢ়াই যাম৷ এই মন্তব্য যোৱা ১৪ ফেব্ৰুৱাৰীত জন্মু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আত্মঘাতী বোমাৰ আক্ৰমণত নিহত হোৱা বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰী নিবাসী বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ কন্যা ডিদৌমশ্ৰী বসুমতাৰীৰ।  

বীৰ ছহিদ গৰাকীৰ ত্যাগক শ্ৰদ্ধা জনাই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ছহিদ মনেশ্বৰ বসুমতাৰীৰ আদ্যশ্ৰাদ্ধত
উপস্থিত হৈ শ্বহীদ গৰাকীৰ পৰিয়ালৰ প্ৰতি সন্মান জনাই কন্যা ডিদৗমশ্ৰী বসুমতাৰীক অসম পৰ্যটন বিভাগৰ সঞ্চালকালয়ৰ কাৰ্যলয়ত সহকাৰী পৰ্যটন তথ্য বিষয়া পদত নিযুক্তি পত্ৰ দিয়াত বৃহস্পতিবাৰে ছহিদৰ কন্যা গৰাকীয়ে মাতৃ চানমতি বসুমতাৰী সৈতে আত্মীয় স্বজনক লগত লৈ গুৱাহাটীৰ পানবজাৰস্থিত পৰ্যটন বিভাগৰ সহঃ সঞ্চালকৰ ওচৰত আনুষ্ঠানিকভাৱে যোগদান কৰি এনেদৰে নিজৰ অনুভৱ প্ৰকাশ কৰে৷ 

ছহিদ গৰাকীৰ পত্নী চানমতি বসুমতাৰীয়ে এই বিষয়ৰ সন্দৰ্ভত কয় যে কালি ৰাতিপুৱা ভগৱানৰ ওচৰত চাকি বন্তি জ্বলাই সেৱা শতমান কৰি প্ৰভু বাথৌৰ ওচৰত ডিদৗমশ্ৰীয়ে নিজে ফলমূলেৰে এখন শৰাই আগবঢ়াই আৰু আমি গুৱাহাটী মুখে যাত্ৰা আৰম্ভ কৰি প্ৰথমে দিছপুৰ সচিবালয়ত অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মক সাক্ষাৎ কৰো৷ 

লগতে কয় যে পিছত পানবজাৰত বিভাগটোৰ সহ সঞ্চালকালয়ৰ ওচৰত ডিদৗমশ্ৰীয়ে এগৰাকী সহকাৰী পৰ্যটন তথ্য বিষয়া হিচাবে যোগদান কৰে৷ অসম চৰকাৰক মই অশেষ ধন্যবাদ জনাইছো আৰু অত্যন্ত সুখী হৈছো যে মোৰ স্বামী দেশৰ হকে প্ৰান আহুতি দিছে যদিও মই ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ৰাইজৰপৰা যি সহায় পাইছো তাৰবাবে মই স্বামীহাৰা হ’লেও সেয়া মোক সকলোৱে অনুভৱ কৰিবলৈ দিয়া নায়৷ 

মই মোৰ জীয়ৰীক কৈছো তই দেউতাৰাৰ আত্মবলিদানক সদায় মনত পেলাই দেউতাৰাৰ আদৰ্শ আগত ৰাখি সৎ সাহসেৰে সদায়   ৰাইজৰ সেৱা কৰি যাবি৷ যাতে তোৰ আদৰ্শগত কামৰ মাজেৰে দেউতাৰাৰ আত্মাই চিৰশান্তি লাভ কৰে৷ ৰাইজেও সদায় দেউতাৰাৰ আত্মবলিদানক সোঁৱৰণ কৰি থাকে৷ 

এনেদৰে ছহিদ মনেশ্বৰ বসুমতাৰীৰ পত্নী গৰাকীয়ে আত্মীয় স্বজনৰ সৈতে কথা-বাৰ্তা পাতি নিজৰ মত পোষন কৰাৰ লগতে নিজ পিতৃয়ে দেশৰ হকে বলিদান দিয়া কাৰ্যক চিৰদিনৰ বাবে জীয়াই ৰখাৰ প্ৰচেষ্টাৰে ছহিদৰ জীয়ৰীয়ে প্ৰথম খোজ আগবঢ়ায়৷