
নামৰূপঃ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে নামৰূপ মহাবিদ্যালয়ৰ নাৰী অধ্যয়ন আৰু বিকাশ কোষে শুকুৰবাৰে এখন সভাৰ আয়োজন কৰে। দিৱসটোৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰদ্বাৰা এখন প্ৰদৰ্শনী তথা বিক্ৰী মেলাৰো আয়োজন কৰা হয়।
মহাবিদ্যালয়খনৰ নাৰী অধ্যয়ন আৰু বিকাশ কোষৰ সমন্বয়ক ডঃ ৰঞ্জনা বৰা বৰদলৈয়ে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে কোষৰ সহ-সমন্বয়ক মোচুমী কোঁৱৰে।
আন্তৰ্জাতিক নাৰী দিৱসৰ এই বছৰৰ বিয়ষবস্তু 'Balance for Better'-ৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনৰ আধ্যক্ষ আৰু উপাধ্যক্ষ ক্ৰমে অতুল গগৈ আৰু বিমল চন্দ্ৰ গগৈৰ লগতে কোষৰ সমন্বয়ক ডঃ বৰদলৈ তথা ছাত্ৰ-ছাত্ৰীসকলে ভাষণ প্ৰদান কৰে৷
ইয়াৰ পাছতে মহাবিদ্যালয় প্ৰাংগণত এক ভিন্নৰঙী অনুষ্ঠানৰ আয়োজন কৰা হয়৷ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা অসীমা গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত মহাৰিদ্যালয়ৰ অধ্যক্ষ, উপাধ্যক্ষকে ধৰি সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে সমবেত সংগীত পৰিৱেশন কৰাৰ উপৰিও ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰবক্তা ৰিজু বৰগোহাঁইৰ স্ব-ৰচিত কবিতা পাঠ, ছাত্ৰ-ছাত্ৰীসকলৰ নাট পৰিৱেশন আৰু আত্মৰক্ষামূলক সমৰকলাৰ কৌশল প্ৰদৰ্শন কৰা হয়৷
ভিন্নৰঙী অনুষ্ঠানটোৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলে নিজ হাতেৰে প্ৰস্তুত কৰা খাদ্য-ব্যঞ্জন আৰু আন আন সামগ্ৰীৰ প্ৰদৰ্শনী তথা বিক্ৰীৰ ব্যৱস্থা কৰা হয়৷ ছাত্ৰ-ছাত্ৰীসকলক স্বাৱলম্বিতাৰ পথ প্ৰদৰ্শনৰ লক্ষ্যৰে আয়োজিত অনুষ্ঠানটোত শিক্ষাৰ্থীসকলে দেখুওৱা উছাহ আছিল মন কৰিবলগীয়া৷