
গুৱাহাটীঃ বি জে পিয়ে দুৰ্নীতিৰ ক্ষেত্ৰত কংগ্ৰেছ দলক কেতিয়াবাই পিছ পেলালে। এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। গগৈৰ মন্তব্যত প্ৰকাশ পাইছে কংগ্ৰেছে দুৰ্নীতি কৰিছিল আৰু এতিয়াৰ বি জে পি চৰকাখনে ভ্ৰষ্টাচাৰৰ ক্ষেত্ৰত কংগ্ৰেছকো চেৰ পেলাইছে।
দুৰ্নীতিমুক্ত অসমৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰখন এতিয়া সম্পূৰ্ণ ব্যৰ্থ। তাৰেই উদাহৰণ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত সংঘটিত হোৱা নিযুক্তি কেলেংকাৰী। এই গুৰুত্বপূৰ্ণ মন্তব্যও কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত সংঘটিত হোৱা নিযুক্তি কেলেংকাৰী সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে দিছপুৰত এক সংবাদমেল সম্বোধন কৰি এইদৰে কয়। ইয়াৰ উপৰিও নিযুক্তি কেলেংকাৰী তদন্তৰ বাবে শুকুৰবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাক দায়িত্ব দিয়া সন্দৰ্ভত তেওঁ কয় তদন্ত ঘোষণা কৰাটো এক ভেঁকো-ভাওনা বাহিৰে আন একো নহয়।
ইফালে ৰাজ্য সকলো দল-সংগঠনে সমগ্ৰ বিষয়টো তদন্তৰ বাবে চি বি আইক দায়িত্ব দিব লাগে বুলি কৰা মন্তব্য সন্দৰ্ভত তেওঁ কয় সোণোৱাল চৰকাৰে চি বি আইলৈ ভয় কৰে। ৰাজ্যত বিষাক্ত সুৰা সেৱন কৰি ডেৰ শতাধিকত কৈ অধিক মানুহ মৃত্যু হ'ল কিন্তু চৰকাৰখনে ঘটনাটো উচিত তদন্তৰ বাবে চি বি আইক দায়িত্ব দিবলৈ সাহস নকৰিলে।
লগতে গগৈয়ে তাপযপূৰ্ণভাৱে কয় যে আয়কৰ বিভাগৰ দুৰ্নীতি বাবেই ৰাজ্যত চুলাই-কাণ্ড সংঘটিত হৈছে। মুখ্যমন্ত্ৰী সোণোৱালক প্ৰত্যাহ্বান জনাই তেওঁ কয় যে যদি সৎ সাহস আছে তেন্তে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দুৰ্নীতি তদন্তৰ বাবে চি বি আইক দায়িত্ব দিয়ক।
ইয়াৰ উপৰিও এই সংবাদ মেলতে তেওঁ দাবী জনায় এ পি এছ চি তদন্তৰ দায়িত্বও চি বি আই দিব লাগে।
ইয়াত উপৰিও প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰপৰা ৰাফাল ক্ৰয়ৰ ফাইল চুৰি হোৱা বিষটো সন্দৰ্ভত কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি দেশ ৰক্ষা কৰিব, য'ত স্বয়ং প্ৰতিৰক্ষা বিভাগৰপৰাই নথি চুৰি হয়।
আনহাতে অ গ প-বি জে পিৰ মিত্ৰতা সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় বি জে পিয়ে জানে তেওঁলোকে অকলে কেতিয়াও নিৰ্বাচনত জয় হ'ব নোৱাৰে। সেয়েহে অ গ পক তেওঁলোকক লাগিবই। অ গ প এতিয়া বি জে পিৰ ঘৰ জোঁৱাই।
ইয়াৰ উপৰিও মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা নেতৃত্বত সমগ্ৰ উত্তৰ পূবত এন পি পিয়ে আগন্তক লোকসভা নিৰ্বাচনত প্ৰাৰ্থী থিয় কৰাব বুলি কৰা ঘোষণা সন্দৰ্ভত গগৈয়ে কয় এন পি পি বি জে পিৰ বি টিম বুলি কয়।