গুৱাহাটীঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব দিয়া অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাৰ দক্ষতাক লৈ প্ৰশ্ন তুলিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। 

শনিবাৰে এক সমবাদমেল সম্বোধন কৰি সংগঠনটোৰ উপদেষ্টা অখিল গগৈয়ে কয় যে অতিৰিক্ত মুখ্য সচিবজনক যোৱা ৫ ছেপ্টেম্বৰত ব্ৰহ্মপুত্ৰত সংঘটিত নাও দুৰ্ঘটনাৰ তদন্তভাৰ জিষ্ণু বৰুৱাকে দিয়া হৈছিল যদিও এই তদন্তৰ প্ৰতিবেদন এতিয়াও দাখিল কৰাত তেওঁ ব্যৰ্থ হৈছে। 

দুৰ্নীতি বিৰুদ্ধে শূন্য সহনশীলতা কথা কোৱা সৰ্বানন্দ সোনোৱাল চৰকাৰৰ দিনতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তিৰ নামত সংঘটিত হ'ল ইতিহাসৰ সৰ্ববৃহৎ কেলেংকাৰী বুলিও মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে।

এই বৃহৎ কেলেংকাৰীৰ তদন্ত জিষ্ণু বৰুৱাকেই দিয়াত ইয়াৰ উচিত তদন্তৰ কৰি প্ৰতিবেদন যে দিব সেয়া সেয়াও বিশ্বাস কৰিব নোৱাৰি বুলি কয় গগৈয়ে।

লগতে কৃষক নেতাগৰাকীয়ে কয় যে পৰীক্ষা অনুষ্ঠিত হোৱা পাছতে যেতিয়া দুৰ্নীতি হোৱা কথা প্ৰথম পোহৰলৈ আহিছিল, সমগ্ৰ বিষয়টো চি আই ডিক তদন্তৰ বাবে নির্দেশ দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে।

কিন্তু চি আই ডিয়ে তদন্তৰ কৰি থকা সময়তে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে নিজাববীয়াকৈ সমগ্ৰ বিষটো তদন্তৰ কৰি কেৱল মাত্ৰ ৰঙিয়া পৰীক্ষাৰ কেন্দ্ৰত অনিময়ম হোৱা বুলি উচ্চ ন্যায়ালয় প্ৰতিবেদন দাখিল কৰি নিযুক্তিৰ বাবে এটা অৰ্ডাৰ উলিয়াই লয়।

সেই অৰ্ডাৰৰ পাছতে  চি আই ডি য়েও সমগ্ৰ বিষটো তদন্ত কৰি অসমত পৰীক্ষাৰ অনুষ্ঠিত হোৱা মুঠ ১৪ খন জিলাৰ ৯ খন জিলাতে পৰীক্ষাত ব্যাপক অনিয়ম হোৱা বুলি উচ্চ ন্যায়ালয় এখন প্ৰতিবেদন দিছিল। সেই প্ৰতিবেদনৰ পাছত উচ্চ ন্যায়ালয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক দিয়া নিযুক্তি প্ৰক্ৰিয়াৰ পুনৰ স্থগিত ৰাখি আন এক নিৰ্দেশনা জাৰি কৰিছিল।

কিন্তু অতি পৰিতাপৰ কথা যে বিভাগটোৱে কোৰ্টৰ সেই স্থগিতাদেশ অমান্য কৰি প্ৰথমে দিয়া নিৰ্দেশনাৰ ভিত্তিত মন্ত্ৰী নৱ কুমাৰ দলে, বি জে পি-আৰ এছ এছৰ সদস্যৰ লগতে তেওঁলোকৰ আত্মীয়ক নিযুক্তি দিয়ে বুলি অভিযোগ কৰে কৃষক নেতা গগৈয়ে।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ভাষ্যৰ আঁত ধৰি তেওঁ পুনৰ কয় যে শুকুৰবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে পৰীক্ষাৰ অনুষ্ঠিত কৰা ব্লুম ইলেক্ট্ৰ'নিকছ নামৰ কোম্পানীটো বি জে পি নেতা ৰাম মাধৱৰ বুলি উল্লেখ কৰিছিল।

গতিকে যদি সেয়াই সত্য হয় তেন্তে তদন্ত দায়িত্ব পোৱা জিষ্ণু বৰুৱাই যে ৰাম মাধৱৰ কোম্পানীৰ বিৰুদ্ধে কেলেংকাৰী উচিত তদন্ত কৰিব পাৰিব সেই কথা আশা নকৰাই ভাল বুলি উল্লেখ কৰে।

ইফালে ৰাজ্য মুখ্যমন্ত্ৰীয়ে দুৰ্নীতি বিৰুদ্ধে নিজেও টকা  নাখাও আনকো  টকা খাবলৈ নিদিওঁ বুলি কোৱা মন্তব্য সন্দৰ্ভত কয় মুখ্যমন্ত্ৰীয়ে মুখেৰে কোৱা কথা এতিয়া কাৰ্য ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা নাই। ফলত এতিয়া প্ৰয়োগ হৈছে 'নিজেও খাইছোঁ আনকো খাবলৈ দিছোঁ' এই নীতি।

আনহাতে এই সংবাদ মেলৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰত্যাহ্বান জনাই কৃষক মুক্তি সংগ্রাম সমিতিয়ে নিযুক্তিৰ এই কেলেংকাৰীৰ উচিত তদন্তৰ বিচাৰি ৬ দফীয়া দাবীৰে এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰাৰ কথাও জানিবলৈ দিয়ে।

সেই অনুসৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি বাতিল কৰি পুনৰ পৰীক্ষাৰ অনুষ্ঠিত কৰিব লাগে, সমগ্ৰ বিষটো চি বি আই তদন্তৰ জৰিয়তে গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেক সোণোৱাল মন্ত্ৰীসভাৰপৰা বৰ্খাস্ত কৰিব লাগে। পৰীক্ষাৰ অনুষ্ঠিত কৰা দায়িত্বত থকা ব্লুম ইলেকট্ৰনিকচক উচিত শাস্তিসহ ব্লেক লিষ্টেড কৰিব লাগে। লগতে এজন দায়িত্বশীল মুখ্যমন্ত্ৰী হিচাপে ৰাইজৰ ওচৰত দুখ প্ৰকাশ কৰি ক্ষমা খুজিব লাগে বুলি দাবী জনায় কৃষক মুক্তিয়ে।

ইফালে এই নিযুক্তি কেলেংকাৰী সন্দৰ্ভত কৃষক মুক্তি সংগ্রাম সমিতিয়ে অহা ১১ মাৰ্চত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পাঞ্জাবাৰীস্থিত মুখ্য কাৰ্যলয় সন্মুখত দিনৰ ১১ বজাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে।

এনে কেলেংকাৰীয়ে যুৱ প্ৰজন্মক চৰকাৰী চাকৰিৰ প্ৰতি আস্থা নোহোৱা কৰিব বুলিও উল্লেখ কৰে কৃষক নেতা গৰাকীয়ে।