22
Mar
2019

গুৱাহাটীঃ NEWS18ৰ সাংবাদিকক ছুৰীৰে আক্ৰমণ। বৃহস্পতিবাৰে কাৰ্যালয় চৌহদতে NEWS18ৰ সাংবাদিক চক্ৰপাণি পৰাশৰক ছুৰীৰে অতৰ্কিতে আক্ৰমণ কৰে ৰেস্তোৰাঁৰ মালিকে।
দুজন কৰ্মচাৰীৰ সৈতে মিলি চক্ৰপাণি পৰাশৰক ছুৰীৰে আক্ৰমণ কৰে। ছুৰীকাঘাতত গুৰুতৰভাৱে আহত হয় চক্ৰপাণি পৰাশৰ। চক্ৰপাণিক আক্ৰমণৰ পিছতে কৰ্মচাৰী–মালিকৰ সন্ত্ৰাস।
আৰক্ষীৰ সন্মুখতে আক্ৰমণকাৰী কৰ্মচাৰী–মালিকে ৰেস্তোৰাঁৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটাই পলায়নৰ চেষ্টা কৰে। বহু সময়ৰ পিছত আৰক্ষীয়ে তত্পৰতাৰে আটক কৰি থানালৈ লৈ যায় এলবাৰ ইটছ ৰেস্তোৰাঁৰ মালিক আৰু মালিকক। বৰ্তমানে আহত চক্ৰপাণি পৰাশৰ সম্প্ৰতি দিছপুৰ GNRC হাস্পতালত চিকিত্সাধীন কৰা হৈছে।