লখিমপুৰঃ লখিমপুৰ জিলা আৰক্ষী বিভাগৰদ্বাৰা মঙলবাৰে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ আলোচনা গৃহত 'পথ সুৰক্ষা আৰু যান-বাহন নিয়ন্ত্ৰণ ব্যৱস্থাপনা’ শীৰ্ষক আলোচনা-চক্ৰ অনুষ্ঠিত হয়।

এই সজাগতামূলক আলোচনা-চক্ৰত লখিমপুৰ জিলাৰ মুখ্য কাৰ্যালয়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰণৱ কুমাৰ পেগু, জিলা যান-বাহন পৰিদৰ্শক মাখন কুমাৰ দত্ত, উত্তৰ লখিমপুৰ সদৰ থানাৰ অচি আদিত্য প্ৰকাশ দেউৰীকে ধৰি বহুকেইজন চৰকাৰী বিষয়াৰ লগতে বেচৰকাৰী সংস্থা আৰু সংগঠনৰ লোক উপস্থিত থাকে। 

আলোচনা-চক্ৰখনত মাদক দ্ৰব্য সেৱন কৰাৰ ফলত আৰু দ্ৰুত গতিত বাহন চলোৱাৰ ফলত হোৱা দুৰ্ঘটনাৰ সম্পৰ্কত তথ্য সহকাৰে পৰ্যালোচনা কৰা হয়। সাধাৰণতে ১৮ বছৰৰপৰা ৩৫ বছৰৰ চালকৰ দুৰ্ঘটনা ৪৬.৩ শতাংশ, ১৪ৰপৰা ৪৫ বয়সৰ চালকৰ ৬৮.৬ শতাংশ, ১৮ৰপৰা ৬০ বয়সৰ চালকৰ ৮৩.৩ শতাংশ দুৰ্ঘটনাত পতিত হয়। লখিমপুৰ চহৰখনত যানজঁটৰ সমস্যা সমাধানৰ বিষয়েও আলোচনা কৰা হয়।