যোৰহাটঃ ফেনে-ফোটোকাৰে বাঢ়ি অহা বৰ লুইতৰ বানে শনিবাৰে পুৱা যোৰহাটৰ নিমাতীঘাটৰ মূল পকী পথটোৰ এক বৃহৎ অংশ খহাই নিয়ে। বিগত দুদিন ধৰি ক্ৰমাগতভাৱে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাই অহাৰ সময়তে আজি পুৱা এই পথটোৰ প্ৰায় ২০ মিটাৰ অংশ নদীৰ বুকুত জাহ যায়। 

পথটো নৈৰ বুকুত জাহ যোৱাৰ পিছতে ভাবুকিৰ সন্মুখীন হৈছে সমগ্ৰ নিমাতী অঞ্চল। কিয়নো এই পথটো ছিঙিলে ব্ৰহ্মপুত্ৰ কোবাল সোতে পোনে পোনে যোৰহাট নগৰৰ বাবে ৰক্ষাকবছ স্বৰূপ বৰআলি মথাউৰিত আঘাত হানিব। এনে পৰিপ্ৰেক্ষিততে যোৰহাট জিলাচ ভয়কংৰ দুৰ্যোগে দেখা দিয়াৰ সম্ভাৱনা প্ৰায় প্ৰকট হৈ পৰিছে।

উল্লেখ্য যে এই পথছোৱাৰ খহি যোৱা অংশটোত পূৰ্বতে ব্ৰহ্মপুত্ৰৰ সোঁতৰ হেচা পোনপটীয়াকৈ পৰা নাছিল। কিন্তু এইবাৰ মাজুলীৰ দিশৰ পৰা লুইতৰ মূল সূতিৰ হেচা বিগত কেবাদিনো ধৰি নিমাতীঘাটৰ পথটোৰ এই অংশত পৰাত পথটো খহিবলৈ আৰম্ভ কৰে। ইতিমধ্যে এনে ভয়াৱহ পৰিস্থিতিত যোৰহাট জিলা প্ৰশাসনে ক্ষতিগ্ৰস্ত অংশত পাৰ্কুপাইন আৰু জিঅ’বেগেৰে খহনীয়া ৰোধৰ প্ৰচেষ্টা চলাইছে যদিও আতংকিত হৈ পৰিছে যোৰহাটবাসী।

ইফালে, নিমাতী ঘাটলৈ যোৱা পথটোৰ এনে অৱস্থাত নিমাতী-কমলাবাৰী মূল ঘাটটো স্থানান্তৰৰ বাবে প্ৰস্তুতি চলোৱাৰ লগতে পথটোৰে যাতায়ত বন্ধ কৰি দিয়া হৈছে। আনহাতে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদজনকভাৱে বৃদ্ধি পাই অহাত নিমাতী-মাজুলী ফেৰীসেৱাও সাময়িকভাৱে বন্ধ ৰখা হৈছে।

নিমাতীত খহনীয়া প্ৰতিৰোধৰ নামত বছৰি কোটি কোটি টকা আৱণ্টিত হোৱাৰ পিছতো বাৰিষাৰ আৰম্ভণিতে পুনৰ বান-খহনীয়াই এনে ভয়াৱহ ৰূপ ধাৰণ কৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ। বহুতে নমামী উৎসৱ আয়োজনত মচগুল হৈ থকাৰ পৰিৱৰ্তে এইবোৰত আগতীয়াকৈ গুৰুত্ব দিায় হ’লে এনে অৱস্থাৰ উদ্ভৱ হ’বলৈ নাপালেহেতেন বুলিও মত প্ৰকাশ কৰা দেখা গৈছে।