মাৰ্ঘেৰিটাঃ অসমৰ অন্যতম নৃগোষ্ঠী টাই ফাকে মহিলাসকলে নিজ হাতে বৈ উলিওৱা পৰম্পৰাগত জনগোষ্ঠীয় বৈশিষ্ট্য সম্বলিত সাজ-পাৰ  আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ লগতে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্য্যায়তো বহুল ভাৱে সমাদৃত৷ ইয়াৰ সমান্তৰাল ভাৱে টাই ফাকে মহিলাসকলে এই বয়ন শিল্পৰ জৰিয়তে নিজেও কম-বেছি পৰিমাণে  স্বাৱলম্বী  হ’বলৈ সক্ষম হৈছে।

জনগোষ্ঠীটোৰ এই বয়ন শিল্পক বৰ্তমান প্ৰতিযোগিতাৰে ভৰা বজাৰ ব্যৱস্থাত বাণিজ্যিকভাৱে আৰু পৈণতকৈ গঢ়ি তোলাৰ লক্ষ্যৰে ভাৰত চৰকাৰৰ জনজাতি কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ ট্ৰাইফেডৰ পৃষ্ঠপোষকতাত আৰু শান্তি ক্ৰিয়েচনৰ পৰিচালনাত মাৰ্ঘেৰিটা মহকুমাৰ কেটেতং পঞ্চায়তৰ বৰফাকে গাঁৱৰ টাই ফাকে মহিলাসকলৰ মাজত এক দুই মহীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছিল।

দেওবাৰে এই প্ৰশিক্ষণ শিৱিৰৰ সফল সামৰণি পৰে। শিবিৰৰ সামৰণি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি  বৰফাকে প্ৰাথমিক বিদ্যালয়ৰ চৌহদত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত অংশ লয় গাঁওখনৰ গাঁওবুঢ়া, ট্ৰাইফেডৰ ৰিজিঅ'নেল মেনেজাৰ, শান্তি ক্ৰিয়েচনৰ মুখ্য পৰিচালক আৰু বৰফাকিয়াল এল.পি.স্কুলৰ প্ৰধান শিক্ষকৰ লগতে অঞ্চলটোৰ কেইবাজনো গণ্য মান্য ব্যক্তিয়ে।

উক্ত অনুষ্ঠানত প্ৰশিক্ষিত শিপিনীসকলক একোখনকৈ মানপত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে বস্ত্ৰশিল্প বজাৰখনত চাহিদা অনুযায়ী থলুৱা হস্ততাঁতত নিৰ্মিত সামগ্ৰী প্ৰস্তুত কৰি নিজকে কি দৰে স্বাবলম্বী কৰি তুলিব পাৰি সেই সম্পৰ্কে দিহা দিয়া হয়।