19
Jun
2017

কামপুৰঃ নগাঁও জিলাত খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে৷ জিলাখনৰ কঠীয়াতলী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ সমীপৰ লুংপুঙত দেওবাৰে নিশা বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলাই কেইবাটাও বাসগৃহ ভাঙি পেলোৱাৰ লগতে ঘৰৰ বহু মূল্যবান সামগ্ৰী ভাঙি চুৰমাৰ কৰে।
বন্যহস্তীৰ জাকটোৱে চাৰিটাকৈ বাসগৃহ, টিভিকে ধৰি বহু মূল্যবান সামগ্ৰী অনিষ্ট সাধন কৰে। ইফালে নাতি দূৰৈত থকা বন বিভাগক নিশাই খবৰ দিয়াৰ পাছতো বৰ্তমানলৈকে ঘটনাস্থলীত উপস্থিত হোৱা নাই বনবিভাগৰ কৰ্মী।
আনহাতে নগাঁও কচুৱাৰ পণ্ডিত ঘাটতো বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই। পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীৰ জাকে ভাঙি লণ্ড-ভণ্ড কৰে ৬ টাকৈ বাসগৃহ। যাৰ ফলত নিশা হ’লেই এতিয়া অাতংকিত হৈ পৰে নগাঁওবাসী। বনবিভাগ কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে৷