
চৰাইদেউঃ অসমৰ নাৰীয়ে এতিয়া নিজৰ সুৰক্ষা নিজেই কৰিব৷ নাৰীয়ে আত্মৰক্ষাৰ বাবে ওলাই আহিছে প্ৰশিক্ষণ ল'বলৈ৷ নাৰীয়ে আৰু সহ্য নকৰে একাংশ পুৰুষৰ অত্যাচাৰ৷ তেনে পুৰুষক ধৰাশায়ী কৰিবলৈ আত্মৰক্ষাৰ প্ৰশিক্ষণ ল'বলৈ আৰম্ভ কৰিছে নাৰীয়ে৷
আজিৰ নাৰী চাৰি বেৰৰ মাজত সুমাই থকা নাই যদিও একাংশ পুৰুষে নাৰীক আজিও অত্যাচাৰ কৰি আহিছে৷ দেশৰ অন্য প্ৰান্তৰ কথা বাদেই, আমাৰ ৰাজ্যখনতে একাংশ দুঃচৰিত্ৰৰ পুৰুষৰ বাবে অসুৰক্ষিত হৈ পৰিছে নাৰী৷ গাৰ্হস্থ্য হিংসাৰ লগতে প্ৰতিনিয়ত ধৰ্ষণ, নিৰ্যাতন, যৌতুকজনিত অত্যাচাৰৰ সন্মুখীন হৈ আহিছে আজিৰ নাৰী৷
নিশা নালাগে দিনতে নাৰী আজি ক'তো সুৰক্ষিত নহয় ৷ প্ৰতিদিনে নাৰীৰ ওপৰত অত্যাচাৰৰ বাতৰি প্ৰকাশ হৈ অহাৰ মাজতে বেচৰকাৰী অনুষ্ঠান ছেভ লাইফ ফাউণ্ডেশ্যনে ৰাষ্ট্ৰীয় মানৱ-অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ সংস্থাৰ সহযোগত ৰাজ্যৰ নাৰী সমাজক আত্মৰক্ষাৰ প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিছে৷
শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ছেভ লাইফ ফাউণ্ডেশ্যনে ৰাষ্ট্ৰীয় মানৱ-অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ সংস্থাৰ সহযোগত বৃহস্পতিবাবে দিনৰ ১১.৩০ বজাৰ পৰা আবেলি ২.৩০ বজালৈ নাৰীৰ আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰে।
স্কুল-কলেজৰ ছাত্ৰীসকলৰ লগতে স্থানীয় মহিলাসকলেও আগ-ভাগ লৈ প্ৰশিক্ষণ গ্ৰহণ কৰে এই শিবিৰত। বেচৰকাৰী সংগঠন ছেভ লাইফ ফাউণ্ডেশ্যনৰ সভানেত্ৰী জেছমিন হুছেইনৰ তত্বৱাধানত আৰু ছেভ লাইফ ফাউণ্ডেশ্যনৰ শিৱসাগৰ গোটৰ সহযোগত অনুষ্ঠিত কৰা হয় নাৰীৰ আত্মৰক্ষাৰ এই প্ৰশিক্ষণ শিবিৰ।
অনুষ্ঠানটোৰ সভানেত্ৰী জেছমিন হুছেইনে ১১ জুলাইৰ পৰা ডিব্ৰুগড় জিলাত এই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ পিছত পৰ্যায়ক্ৰমে সমগ্র ৰাজ্যখনতে নাৰীৰ আত্মৰক্ষাৰ বাবে এই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিছে।