
লালুকঃ নীপকোৱে মোকলাই দিয়া পানীয়ে বিগত সপ্তাহত লখিমপুৰৰ বিভিন্ন অঞ্চলত চলোৱা তাণ্ডৰ পৰা আজিও পৰিত্ৰাণ পোৱা নাই জিলাখনৰ একাংশ ৰাইজে৷ ১০ জুলাইত নীপকোৰ বাঢ়নী পানীয়ে ৰঙা নৈ বগলীজানৰ মথাউৰি ছিঙি ১০খনৰো অধিক গাওঁ প্লাবিত কৰাৰ পাছত আজি অঞ্চলসমূহত পানী ক্ৰমাৎ হ্ৰাস পোৱাত একাংশ ৰাইজ নিজ গৃহলৈ ৰাওনা হোৱাৰ বিপৰীতে একাংশ ৰাইজ আজিও নিজে আশ্ৰয় গ্ৰহণ কৰা স্থানতে আছে৷
ওখ ঠাই আৰু পথৰ দাতিত আশ্ৰয় লৈ থকা এই সকল বন্যাৰ্তই কিন্তু জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ সহযোগিতা নাপালে৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজু আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই জিলাখনৰ একাংশ বানত ক্ষতিগ্ৰস্ত অঞ্ছল পৰিদৰ্শন কৰি যোৱাৰ পাছতে আজি অসমৰ ৰাজ্যপাল বানৱাৰী লাল পুৰোহিত লখিমপুৰত উপস্থিত হয়হি৷
ৰাজ্যপাল হিচাপে দ্বিতীয়বাৰলৈ লখিমপুৰ জিলা ভ্ৰমণলৈ অহা ৰাজ্যপালগৰাকীয়ে জিলাখনৰ বগলীজানৰ মথাউৰি ভাঙি ক্ষতিগ্ৰস্ত কৰা ৰাইজৰ কাষত উপস্থিত হৈ মত বিনিময় কৰে৷ লগতে নিৰাশ্ৰয় ৰাইজৰ আশ্ৰয় প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি সু-ব্যৱস্থা কৰিব বুলি আশ্বাস প্ৰদান কৰে৷
ৰাজ্যপালগৰাকীয়ে জিলাখনৰ নাওবৈছা অঞ্চলত শিঙৰা নৈয়ে ক্ষতিগ্ৰস্ত কৰা এলেকাসমূহ পৰিভ্ৰমণ কৰি বন্যাতৰ ঘৰে ঘৰে গৈ খবৰ লোৱাৰ লগতে জিলা উপায়ুক্ত বৰুণ ভূঞাক শিঙৰা নৈত হোৱা বেদখলমুক্ত কৰিবলৈ আহ্বান জনায়৷ ৰাজ্যপালগৰাকীৰ আকস্মিক পৰিদৰ্শনত বানাক্ৰান্ত ৰাইজে একো নাপালেও আত্মসন্তুষ্টি লাভ কৰিছে বুলি কৈছে৷
ৰাজ্যপালগৰাকীয়ে সন্ধিয়া পাঁচ বজাত জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ লগত এক আলোচনাত মিলিত হয় ৷ লগতে জিলাখনৰ বান পৰিস্থিতি সম্পৰ্কত তৎকালীনভাৱে ব্যৱস্থা ল'ব পৰাকৈ সাজু হ'বলৈ আহ্বান জনায়৷
উল্লেখ্য যে, আজিও বগলীজান, বুৱালগুৰী, হাতীলুং আদি গাওঁৰ ৰাইজ নিজ গৃহলৈ যাব পৰা নাই৷ দ ঠাইসমূহৰ ৰাইজৰ ঘৰসমূহ বোকা পানীৰে ওপচি পৰাত ৰাইজ ব্যাপক সমস্যাত পৰিছে৷ ইফালে লখিমপুৰ নগৰত আজি ষষ্ঠ দিনাও বিদ্যুৎ সেৱা নিয়মীয়া হৈ উঠা নাই৷ একাংশ ৰাইজে বৃহস্পতিবাৰে বিদ্যুৎ সেৱা নিয়মীয়া নকৰাত অতিষ্ঠ হৈ বিদ্যুৎ কাৰ্যালয়ত এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰি কাৰ্যালয়ৰ আচবাব লণ্ড-ভণ্ড কৰে।