15
Jul
2017

কাকপথাৰঃ কাকপথাৰৰ থানা চাৰিআলিত আজি দিনৰ দুই বজাত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত তিনিগৰাকী লোক গুৰুতৰভাৱে আহত হয়৷
জানিব পৰা মতে, ডুমডুমা দিশৰ পৰা লাজুম পথাৰ অভিমুখে আহি থকা AS-06-P-0266 নম্বৰৰ গ্লেমাৰ বাইক আৰোহী আৰু AS-23-H-1889 নম্বৰৰ চুপাৰ স্প্লেণ্ডাৰ বাইক আৰোহীৰ মাজত মুখামুখি সংঘৰ্ষ লাগে৷ ফলত বাইক আৰোহী কিৰণ ডাঙৰীয়া, দিপুল মহন্ত, তনুৰাম শইকীয়া গুৰুতৰভাৱে আহত হয়৷
কাকপথাৰ থানাৰ সমীপতে মুখামুখি সংঘৰ্ষ হোৱাৰ পাছতে তিনিগৰাকী গুৰুতৰভাৱে আহত লোকক স্থানীয় লোকসকলে চিকিৎসালয়ত ভৰ্তি কৰে৷ ইয়াৰে কিৰণ ডাঙৰীয়াৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷