গোলকগঞ্জঃ ধুবুৰী জিলাৰ হজ যাত্ৰীসকলক আজি আজি বিভিন্ন ধৰ্মাৱলম্বী লোকে শুভেচ্ছা তথা সম্ভাষণ জনায়৷ তামাৰহাট থানাৰ অন্তৰ্গত কাছাৰীগাঁৱত হজ যাত্ৰী সকলক বিদায় সম্ভাষণ জনোৱাৰ উদ্দেশ্যে আজি এখন সভা অনুষ্ঠিত হয়৷

কামানডাংগা আঞ্চলিক জাকাত পৰিচালনা সমিতিৰ উদ্দোগত কাছাৰীগাঁও শংকৰ-আজান আদৰ্শ বিদ্যালয়ত অনুষ্ঠিত সভাখন পৰিচালনা কৰে বিশিষ্ট ব্যক্তি হাজী আব্দুল লতিফ আকন্দই। সভাত এইবাৰ হজলৈ ওলোৱা যাত্ৰীসকলক একোখন ৰুমাল দি সম্ভাষণ জনায়।

সভাত কাছাৰীগাঁও ছিনিয়ৰ মাদ্ৰাছাৰ প্ৰাক্তন অধ্যক্ষ আব্দুল আজীজ আকন্দ, ললিত চন্দ্ৰ ৰায়, বিশিষ্ট শিক্ষক আব্দুৰ ৰছিদ শ্বেখৰ লগতে আৰু কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

সভাত দৰিদ্ৰ লোকৰ মাজত কাপোৰ বিতৰণ কৰা হয়। আনহাতে দুখীয়া ল'ৰা-ছোৱালীক পঢ়া-শুনাৰ ক্ষেত্ৰতো সহায় কৰাৰ কথা ঘোষণা কৰে কামানডাংগা আঞ্চলিক জাকাত পৰিচালনা সমিতিয়ে৷