
ডিফুঃ ডিফুৰ প্ৰখ্যাত গেলেক্সী চিনেমা হলত আজি হঠাৎ বাজি উঠিল মৃত্যুৰ গান। চিনেমা হলটোৰ পৰ্দাত দেখুওৱা কোনো হিন্দী বোলছবিত নহয়। বাস্তৱত বাজি উঠিল এই গান।
প্ৰাপ্ত বাতৰি মতে, চিনেমা হলটোত পুৱাৰ ভাগত চিপ লৈ আত্মহত্যা কৰে এজন চাফাই কৰ্মচাৰীয়ে। এই চাফাই কৰ্মচাৰীজন হৈছে মঙল চিং ক্ৰ'।
আজি পুৱা প্ৰায় ৮-৩০ বজাত চিনেমা হলটোৰ চৌহদৰ ক্ষুদ্ৰ ব্যৱসায়ী এজনে চাফাই কৰ্মী গৰাকীক ৰিয়েৰ ষ্টলৰ চিলিং ফেনৰ হুকত গামোচাৰে চিপ লৈ ওলমি থকা প্ৰত্যক্ষ কৰে৷
চাফাই কৰ্মী গৰাকীৰ ঘৰ কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত পাৰখোৱাত। তেওঁ দীৰ্ঘ দিনৰ পৰা যক্ষ্মা আৰু মৃগী ৰোগত ভুগি আছিল৷
মঙল চিং ক্ৰ' চিনেমা হলৰ অনিয়মীয়া চাফাই কৰ্মী আছিল ৷ মৃত্যুৰ সময়ত তেওঁ সংসাৰত পত্নী সহ দুটা সন্তান এৰি থৈ যায় ৷ কি কাৰণত তেওঁ এই পথ বাছি ল'লে সেয়া জানিব পৰা হোৱা নাই যদিও আৰ্থিক দুৰৱস্থা আৰু শাৰীৰিক অসুস্থতাৰ বাবেই এনেদৰে আঁতৰি যোৱা বুলি বহুতে মন্তব্য কৰিছে।
পিছত আৰক্ষীয়ে দণ্ডাধীশ জ্যোতিৰ্ময় দৈমাৰীৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ আনহতে মৃতদেহ কঢ়িওৱা বাহন আহি পোৱাত যথেষ্ট পলম হোৱাত উপস্থিত ৰাইজে প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰে৷