
চাবুৱাঃ আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড় জিলাৰ বান বিধ্বস্ত দধিয়া-লাইকা অঞ্চলত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নদীৰ গৰাখহনীয়াৰ কবলত পৰি প্ৰায় ১২০০ পৰিয়াল হাহাকাৰ কৰিবলগীয়া হোৱাৰ পাছতো ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে মুখ্যমন্ত্ৰীৰ উপস্থিতিয়ে বহন কৰিছে বিশেষ তাৎপৰ্য।
মুখ্যমন্ত্ৰীগৰাকীয়ে দধিয়া-লাইকা অঞ্চলৰ খহনীয়াত সকলো হেৰুৱা লোকসকলক পুনৰ সংস্থাপনৰ আশ্বাস প্ৰদান কৰে৷ আনহাতে ডিব্ৰুগড় জিলাৰ দধিয়া-লাইকা অঞ্চলত বান হোৱা নাই বুলি স্থানীয় বিধায়ক বিনোদ হাজৰিকাই দাবী কৰাৰ সময়তে মটক যুৱ-ছাত্ৰ পৰিষদে দধিয়াৰ লোকসকলক লৈ মুখ্যমন্ত্ৰীক হেতালি নেখেলিবলৈ সকীয়াই দিয়ে৷
সংগঠনটোৰ সভাপতি যুগল বৰুৱাই মুখ্যমন্ত্ৰীক অবৈধ হিন্দু বাংলাদেশী অনাৰ চিন্তাৰ পৰিৱৰ্তে ভূমিপুত্ৰ মিছিংসকলক লৈ চিন্তা কৰিবলৈ আহ্বান জনায় ৷ বানত বিধ্বস্ত হৈ পৰা তথা গৰাখহনীয়াত সকলো হেৰুৱাই পেলোৱা মিচিংপৰিয়াল সমূহক ভূমি প্ৰদান কৰি পুনৰ সংস্থাপন কৰাৰ দাবী জনায় বৰুৱাই৷
সোণোৱাল চৰকাৰে হিন্দু বাংলাদেশীক সংস্থাপনৰ বাবে উঠি-পৰি লগাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ সহস্ৰাধিক ভূমিপুত্ৰ মিচিংসকলে নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ পুনৰ সংস্থাপন বিচাৰি আন্দোলন কৰিৱলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাটোক দুভাগ্যজনক আখ্যা দিয়ে সংগঠনটোৱে। এই কাৰ্যক অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ বাবে এক অশনি সংকেত আখ্যা দি শীঘ্ৰে অসমীয়াৰ জীৱনকলৈ হেতালি নেখেলিবলৈ চৰকাৰক সকীয়াই দিয়ে সংগঠনটোৱে।