21
Jul
2017

বোকাজানঃ ধনশিৰি নৈৰ বাঢ়নী পানীয়ে বোকাজান মহকুমাৰ পুৰণা বৰপথাৰৰ শিমলুচাপৰিত মথাউৰি ছিঙি নিয়াৰ ফলত বোকাজান মহকুমাৰ বৰপথাৰৰ ন’ ন’ অঞ্চলৰ বুৰাই পেলোৱাৰ ফলত ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে৷
মথাউৰিটোৰ ছিঙি নিয়া অংশৰে তীব্ৰ গতিত পানী সোমাই অহাত বৰপথাৰ মধ্য ইংৰাজী বিদ্যালয়, পুৰণা বৰপথাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আৰু দেওবৰীয়া বজাৰৰ লগতে কেইবাখনো গাঁও বুৰাই পেলায় ৷
অঞ্চলটোৰ লোকসল ওখ স্থানত তথা বিভিন্ন বিদ্যালয়ত আশ্ৰয় ল'বলগীয়া হৈছে৷ বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক নোমল ম'মিন আৰু দেওপানী পৰিষদীয় সমষ্টিৰ নৱ-নিৰ্বাচিত পৰিষদীয় সদস্য মুকুট মহন্তই বানাক্ৰান্ত এলেকাসমূহ পৰিদৰ্শন কৰাৰ লগতে দুৰ্দশাগ্ৰস্ত লোকসকলৰ ক্ষয়-ক্ষতিৰ বুজ লয়৷ ৰাইজে কোনো ধৰণৰ বান সাহায্য লাভ কৰা নাই বুলিও জানিবলৈ দিয়ে৷