
চাবুৱাঃ জাতি-মাটিৰ বাবে নহয় ধন ঘটিবলৈহে একাংশই আৱেগ জাতি-মাটিৰ আৱেগক মূলধন কৰি জন্ম দিয়ে ন-ন সংগঠনৰ। ইয়াকে প্ৰমাণিত কৰি দাবী কৰা ধন আনিবলৈ গৈ ধৰা পৰিল দুটাকৈ সংগঠনৰ দুই নেতা।
সংগঠনক ধন ঘটা কামত ব্যৱহাৰ কৰি আৰক্ষীৰ জালত পৰা এই দুই যুৱ-ছাত্ৰ নেতা হৈছে মাধুৰ্য গগৈ আৰু দিব্যজ্যোতি গগৈ। ইয়াৰে মাধুৰ্য গগৈ হৈছে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্থা নামৰ সংগঠন এটাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি।
আনহাতে সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলন নামৰ আন এটা সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছে ধৃত দিব্যজ্যোতি গগৈ।
জানিব পৰা মতে, দুয়োজন নেতাই ব্ৰহ্মপুত্ৰ পলিমাৰ এণ্ড ক্ৰেকাৰ লিমিটেড চমুকৈ বি চি পি এলৰ ঠিকাদাৰ হৰ্ষপ্ৰধান সিঙক ২০ লাখ টকা দাবী কৰিছিল। দাবী কৰা উক্ত ধনখিনি আনিবলৈ যাওতেই ডিব্ৰুগড় আৰক্ষীৰ হাতত হাতে-লোটে গ্ৰেপ্তাৰ হয় দুই সংগঠনৰ নেতা দুজন।
ধন দাবী কৰি আৰক্ষীৰ জালত পৰা দুই নেতাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ দাবী জনাইছে সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যুগল বৰুৱা অাৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈয়ে।