খাৰুপেটীয়াঃ দৰং জিলাৰ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত ২নং থেকেৰাবাৰী গাঁৱৰ এগৰাকী মহিলা যোৱা পাঁচদিনে নিৰুদ্দেশ হৈ থকাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা ১৭ জুলাইৰ ১১ বজাত নং থেকেৰাবাৰী গাঁৱৰ আব্দুল মতিনৰ পত্নী মালেকা বেওৱাই নিজ গৃহৰ পৰা ওলাই গৈ আজিলৈ ঘূৰি অহা নাই।

নিৰুদ্দেশ হৈ থকা মালেকা বেওৱাৰ সন্ধানত পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰ-খোচাৰ কৰি কোনো সন্ধান উলিয়াব নোৱাৰাত শুকুৰবাৰে পুত্ৰ আব্দুল মালেকে ধূলা আৰক্ষী থানাত নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰে। নিৰুদ্দেশ হৈ থকা মহিলা গৰাকীয়ে ৰঙা ৰঙৰ শাৰী পিন্ধি আছিল।

প্ৰায় ৫ ফুট উচ্চতাৰ মিঠা বৰণৰ ৫৭ বছৰীয়া মহিলা গৰাকীৰ কোনোবাই সন্ধান পালে ৯৮৫৯৪২৬৫৪৩ পৰিয়ালৰ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।