
লালুকঃ এটিএমৰ ভিতৰত আপোনাক কোনোবাই সহায় কৰিব খোজে নেকি৷ যদি আপোনাক কোনোবাই সহায় কৰিব খুজিছিল তেন্তে আপুনি এতিয়াৰ পৰা সাৱধান৷ আপোনাক সহায় কৰাৰ চলেৰে মুহূৰ্ততে আপোনাৰ এটিএম কাৰ্ডখন সলনি কৰি লুটি নব পাৰে আপোনাৰ একাউন্টৰ জমাধন৷
লখিমপুৰ জিলাৰ লালুক আৰক্ষী থানাৰ অন্তৰ্গত ষ্টেট বেংক ইণ্ডিয়াৰ লালুক শাখাৰ পৰা আৰক্ষীয়ে হাতে-লোটে ধৰা ফইজুদ্দিনক নামৰ যুৱকজনৰ স্বীকাৰোক্তিৰ পাছতে পোহৰলৈ আহে এটিএমৰ ভিতৰৰ পৰা টকা উলিওৱাত সহায় কৰি দিয়াৰ নামত এটিএম সলনি কৰি নিয়াৰ এই ঘটনা৷
গ্ৰাহকক প্ৰৱঞ্চনা কৰি সংগ্ৰহ কৰা ধন আজি বেংকত জমা কৰিবলৈ অহাৰ সময়তে আৰক্ষীৰ জালত পৰে প্ৰবঞ্চক এ টি এম চোৰ ফইজুদ্দিন৷ ২১ বছৰীয়া কলেজীয়া ছাত্ৰ ফইজুদ্দিনৰ পৰা উদ্ধাৰ হয় ২৮ খন এ টি এম কাৰ্ড, ২৯খন বেংক পাচবুক আৰু অন্যান্য সামগ্ৰী৷ সমগ্ৰ লখিমপুৰ জিলাত এ টি এম চুৰিৰে লাখ-লাখ টকা সৰকোৱা ছাত্ৰৰূপী প্ৰৱঞ্চক ফইজুদ্দিনক আৰক্ষীয়ে হাতে-লোটে ধৰাৰ পিছতে লালুক আৰক্ষী থানা ভৰি পৰে এটিএম আৰু পাঁচবুক বিচাৰি অহা মানুহেৰে৷ এনেদৰে এ টি এম কাৰ্ড আৰু বেংক পাচবুকেৰে এদিনৰ বাবে লালুক আৰক্ষী থানা মিনি বেংকলৈ পৰ্যবসিত হয়৷
এটিএমৰ কোঠাত সহজ সৰল লোক অথবা মহিলাক দেখিলেই সহায় কৰাৰ চলেৰে অমায়িক হৈ মাত লগাই সহায় কৰাৰ ভাও ধৰে ফইজুদ্দিনে৷ এটিএম হাতত পৰাৰ লগে লগে লগত নিয়া এটিএম মানুহৰ হাতত তুলি দি অন্য এটিএমত টকা উলিয়াই চক্ৰটোৱে৷ হিন্দী চিনেমাৰ দৰে এটিএমৰ পৰা ধন চুৰিৰ ঘটনা পোহৰলৈ অহাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে লখিমপুৰত৷