গোৰেশ্বৰ/দলংঘাটঃ​ যোগাভ্যাসেৰে নিৰোগী হব পাৰি৷ নিৰোগী হ'বলৈ সকলোৱে যোগ কৰিব লাগিব৷ ইয়াকে সাৰোগত কৰি বাক্সা আৰু দৰং জিলাৰ সীমাৱৰ্ত্তী দৰং জিলাৰ আন্ধেৰীঘাটত পতঞ্জলি যোগপীঠে যোগ শিবিৰৰ আয়োজন কৰে৷

যোৱা ২২ জুলাইৰ পৰা আন্ধেৰীঘাট হাইস্কুলৰ খেলপথাৰত চলি থকা যোগাসন শিবিৰৰ মঙলবাৰে সামৰণি পৰে। হৰিদ্বাৰৰ পতঞ্জলি যোগপীঠৰ পৰা আমন্ত্রণ কৰি অনা যোগগুৰু সত্যনাথ গুৰুজী আৰু দৰং জিলাৰ যোগ প্ৰচাৰক প্ৰহ্লাদ দাসৰ তত্বাৱধানত প্ৰতিদিনে প্ৰায় ২০০ গৰাকী লোকে যোগাভ্যাস কৰে।

আন্ধেৰীঘাট কৃষ্টি সংঘৰ সম্পাদক হলধৰ চহৰীয়া আৰু আন্ধেৰীঘাট সাহিত্য সভাৰ সম্পাদক যুগল কুমাৰ মহন্তৰ প্ৰচেষ্টাত অনুষ্ঠিত যোগ শিবিৰত প্ৰতিদিনে মহিলা সকলৰ বাবে আৰোগ্য সভা, বালক সভা আদিও আয়োজন কৰা হয়। যুগল কুমাৰ মহন্তই আঁত ধৰা সামৰণি অনুষ্ঠানত হোম যজ্ঞ সম্পন্ন কৰা হয়।