লংকাঃ পৌৰ সভা আৰু নগৰ সমিতিৰ কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল হ’ল হোজাই জিলাৰ উপায়ুক্তৰ কাৰ্যালয়৷ শীঘ্ৰে ৰাজ্যৰ নগৰ সমিতি-পৌৰ সভাত কৰ্মৰত লোকসকলৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত বুধবাৰে হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰৰ জিলা উপাযুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে৷

হোজাই জিলাৰ চাৰিখন পৌৰ সভা তথা নগৰ সমিতি ক্ৰমে হোজাই, লংকা, লামডিং পৌৰ সভা আৰু ডবকা নগৰ সমিতিৰ কৰ্মচাৰী সকলে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাৰ দাবী মানি লওক, চাকৰি নিয়মীয়া কৰক, অসম চৰকাৰ হায় হায় আদি শ্ল’গানেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে।

পৌৰ কৰ্মচাৰীসকলে বিগত ১৮ মাহৰ দৰমহা আদায় দিয়া, চাকৰী নিয়মীয়াকৰণ কৰা আদি দাবী উত্থাপন কৰি জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে৷ পৌৰ কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধানৰ দাবীত অহা ১ আগষ্টৰ পৰা ৪ আগষ্টলৈ ৰাজ্যজুৰি সৰ্বাত্মক অৱস্থান ধৰ্মঘট কৰাৰ উপৰিও অহা ৫ আগষ্টত দিছপুৰ চলো কাৰ্য্যসূচী ৰূপায়ণ কৰা হব বুলি পৌৰ কৰ্মচাৰী সকলে অৱগত কৰে৷