নাহৰকটীয়াঃ ৰাজ্যৰ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে প্ৰায় ৪১ গৰাকী লোকে অকালতে প্ৰাণ হেৰুৱাব লগা হৈছে৷ ৰাজপথ, জংঘল, বানৰ ফলত পথত জমা হোৱা পানীত বিদ্যুৎ তাৰ ছিঙি পৰি থকাৰ ফলত ৮ বছৰীয়া কিশোৰ, গাভৰু, যুৱক সহিতে ৰাজ্যৰ প্ৰায় ৪১ গৰাকী লোকৰ মৃত্যু হয়৷

ইমানৰ পাছতো 'মোৰ বাতৰি কৰিলে টি আৰ পি পাই' বুলি সংবাদ মাধ্যমক উপলুঙা কৰাৰ লগতে মন্ত্ৰী পল্লৱলোচন দাসে সতীৰ্থ মন্ত্ৰীৰ খতিয়ান সভাত হাঁহি হাঁহি শিক্ষকক অপমান কৰে৷

বিদ্যুৎ বিভাগ চম্ভালিব নোৱাৰা পল্লৱৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আজি নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ সংগঠনটোৱে শক্তি মন্ত্ৰী পল্লৱলোচন দাসৰ প্ৰতিকৃতি দাহ কৰি উত্তাল পৰিবেশৰ সৃষ্টি কৰে।

সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি তচেন ডেকা কাৰ্যসুচীত উপস্থিত থাকি মন্ত্ৰী পল্লৱলোচন দাসক শীঘ্ৰে পদত্যাগ কৰিবলৈ দাবী জনাই প্ৰতিটো ঘটনাৰ তদন্তৰ দাবী উত্থাপন কৰে। আনহাতে সংগঠনটোৱে নাহৰকটীয়া অঞ্চলত বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবী জনায়। অন্যথাই ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে৷