বাৰপূজীয়াঃ মৰিগাঁও জিলা আৰক্ষীয়ে লেকাম লগাব একাংশ উদণ্ড বাইক আৰোহীক৷ অনুজ্ঞাপত্ৰ অবিহনে, হেলমেট পৰিধান নকৰাকৈ একাংশ কম বয়সীয়া যুৱকে ৰাজপথত নিয়ম নামানি সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে এনে বাইক আৰোহীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে৷

মৰিগাঁও চহৰৰ লগত আন আন ঠাইতো আৰক্ষী আৰু যান-বাহন নিয়ন্ত্ৰণ শাখাৰ লোকে পথত তালাচী বহুৱাই অভিযান চলাই অহা পৰিলক্ষিত হৈছে৷ তালাচী কালত প্ৰায় সংখ্যাক কম বয়সীয়া যুৱকে বাইক চলোৱাৰ লগতে নথি-পত্ৰ অবিহনে চলোৱাত আৰক্ষীয়ে জৰিমনা বিহে৷

চহৰখনত একাংশ লোকে কোনো ধৰণৰ নিয়ম-নীতি নামানি বাইক চলোৱাৰ ফলত বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হোৱাও দেখা গৈছে ৷ যাৰ ফলত বহু যুৱকে অকালতে প্ৰাণ হেৰুৱাৰ লগতে সা-সম্পত্তিৰো ক্ষতি হৈ আহিছে৷ দুৰ্ঘটনা ৰোধ তথা উদণ্ড বাইক চালকসকলক নাকী লগাবলৈ এতিয়া সষ্টম হৈ পৰিছ মৰিগাঁও আৰক্ষী৷

এতিয়াৰ পৰা প্ৰশাসনৰ লগতে মৰিগাঁও জিলা যান-বাহন নিয়ন্ত্ৰন শাখাই ক্ষিপ্ৰ দৃষ্টি ৰাখিছে দুচকীয়া বাহনৰ ওপৰত৷ মৰিগাঁৱৰ যান-বাহন শাখাৰ বিষয়া পংকজ বৰাই দুৰ্ঘটনা ৰোধ কৰিবলৈ এই অভিযান চলোৱাৰ লগতে অভিভাৱকসকলো সতৰ্ক হোৱা দৰকাৰ বুলি কয়৷ কোনো কাৰনতে ১৮বছৰৰ তলৰ কিশোৰ-কিশোৰীক দুচকীয়া বাহন ক্ৰয় কৰি নিদিয়াৰ লগতে চলাবলৈ নিদিবলৈকো আহ্বান জনায়৷