
ছৈখোৱাঃ ঘৰৰ পৰা ওলাবলৈ ভয়৷ দিনৰ পোহৰত মানুহ ঘৰৰ পৰা ওলাই যদিও এন্ধাৰ নামি অহাৰ পাছতে কাহ পৰি জিন যায় অঞ্চলটো৷ গৰু-গাই, বজাৰ-সামৰ, সকলো দিনতে কৰি লয় বেলি ডুবাৰ পাছত এখন বৰ্ণণাহান পৃথিৱীত বাস কৰে মানুহবোৰে৷ চৌদিশে সেনা আৰক্ষীৰ গিজগিজনি৷
বাটে-ঘাটে বহু লোকক প্ৰহাৰ কৰি কেৱল এটি বিদ্ৰোহী সংগঠনৰ সদস্যৰ কথা সোধে মানুহক৷ যেন যেক আতংকময় পৰিৱেশ৷ আৱাল, বৃদ্ধ, বনিতা, ডেকাৰ চকুত ভয় আৰু শংকাৰ তিৰবিৰণি৷ জীৱন, সম্পত্তি, সতি-সন্তানৰ মোহ এৰিব পাৰিলে হয়তো মানুহবোৰ আন ঠাইলৈ গুচি গ'লহেতেন৷
১৯৮৯ চনৰ পৰা এই আতংক বৃদ্ধি পাইছিল অঞ্চলটোত৷ তেনে আতংকময় পৰিৱেশৰ মাজত মানুহবোৰ জীয়াই থকাৰ সময়তে এদিন নিশা হঠাৎ কেৱল বন্দুকৰ গুলী ফুটিছিল অঞ্চলটোত৷ সিদিনা যেন অঞ্চলটোৰ লোকসকলৰ অন্তৰত গুলী ফুটিছিল৷ প্ৰাণৰ মমতাত ঘৰৰ ভিতৰত ছটফটাই আছিল অঞ্চলটোৰ লোকসকলে৷
কোনোবা আপোন মানুহ বন্দুকৰ গুলীত মৰিছে বুলি জানিও ঘৰৰ দুৱাৰ খুলি ওলাই আহিব পৰা নাছিল কোনো লোক৷ পুৱাই বেলি ওলোৱাৰ লগে লগে গুলীৰে থকা-সৰকা হৈ থকৈ ৫ টা মৃতদেহ দেখি হাত ভৰি লুকাইছিল অঞ্চলটোৰ মানুহৰ৷ একাংশ মানুহৰ অন্তৰ বিদ্ৰোহী হৈ পৰিবলৈ বাধ্য হৈছিল আৰু একাংশ লোক ৰাজপথলৈ ওলাই আহিছিল৷
সন্ত্ৰাস দমনৰ নামত সন্ত্ৰাস সহ্য নকৰো বুলি ৰাজপথলৈ ওলাই আহিছিল জাক জাক ৰাইজ৷ ১৯৯৪ চনৰ ২২ ফ্ৰেব্ৰুৱাৰীত ভাৰতীয় সেনাই গুলীয়াই হত্যা কৰে তিনিচুকীয়া জিলাৰ ডাঙৰী অঞ্চলৰ প্ৰবীন সোণোৱাল, প্ৰদীপ দত্ত, অখিল সোণোৱাল, দেৱজিৎ বিশ্বাস আৰু ভবেন মৰাণক৷ পাঁচ জনকৈ নিৰীহ ব্যক্তিয়ে প্ৰাণ হেৰুৱাব লগীয়া হৈছিল সেনাৰ গুলীত।
সেনাৰ অত্যাচাৰত প্ৰাণ হেৰুৱা ব্যক্তি সকলৰ পৰিয়ালক ন্যায় দিবলৈ ৰাজ পথত প্ৰতিবাদ কৰিছিল সৰ্বানন্দ সোণোৱালে৷ আছুৰ উদ্যোগত তথা আছুৰ তদানীন্তন সভাপতি সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ৰাজ্যজুৰি প্ৰৱল প্ৰতিবাদ গঢ়ি উঠিছিল আৰু পাঁচগৰাকী লোকক শ্বহীদ ঘোষণা কৰিছিল।
সেই সময়ৰ আছুৰ উপ-সভাপতি জগদীশ ভূঞাই পঞ্চ শ্বহীদৰ ন্যায় বিচাৰি গুৱাহাটী উচ্চ ন্যায়লয়ত গোচৰো তৰিছিল। অৱশেষত সমগ্ৰ অসমজুৰি আছুৰ উদ্যোগত হোৱা প্ৰতিবাদত সেও মানি তথা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায় দানৰ ভিত্তিত চৰকাৰে শ্বহীদ পৰিয়ালবৰ্গলৈ ক্ষতিপূৰণৰ লগতে চৰকাৰী সংস্থাপন দিয়াৰ কথা ঘোষণা কৰিবলৈ বাধ্য হৈছিল।
কিন্তু পৰিতাপৰ বিষয় যোৱা ২৩ টা বছৰে চৰকাৰে ফুটাকড়ি এটাও নিদিলে শ্বহীদ পৰিয়াল কেইটাক। সৰ্বানন্দ সোণোৱাল এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী৷ তাৰ পিছতো অপমানিত হ'ল শ্বহীদৰ পৰিয়াল৷ যোৱা ১৯ জুলাইত শাসকীয় বিজেপি দলৰ তিনিচুকীয়া জিলাৰ এজন নেতাই শ্বহীদ ভবেন মৰাণৰ পত্নীক ফোন যোগে পৰিয়ালবৰ্গলৈ মাত্ৰ এক লাখ টকাকৈ এককালীন সাহায্য আৰু একোটাকৈ ঠিকাভিত্তিক চাকৰিহে দিব বিচাৰে৷
যাৰ বাবে অপমানিত হোৱা বুলি কৈ ক্ষুদ্ধ হৈ পৰিছে শ্বহীদ পৰিয়ালবৰ্গ। চাৰকাৰৰ এই সিদ্ধান্তক শ্বহীদ পৰিয়ালে গৰিহণা জনোৱাৰ লগতে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তিনিচুকীয়াত হৈ থকা "অল আসাম টাইকোৱানডো" প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান উপলক্ষে অহা ৩০ জুলাইত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তিনিচুকীয়াত উপস্থিত হোৱাৰ কথা আছে।
উক্ত দিনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তিনিচুকীয়াত উপস্থিত থকাৰ সময়ত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই ডাঙৰী পঞ্চ শ্বহীদ পৰিয়ালক চৰকাৰে পূৰ্বে ঘোষণা কৰা উচিত ক্ষতিপূৰণ তথা চৰকাৰী সংস্থাপনৰ দাবীৰে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব। আজি এই কথা জানিবলৈ দিছে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দীপংকৰ সোণোৱালে।