চামগুৰিঃ অসমৰ কৃষ্টি সংস্কৃতি, পৰম্পৰা ধৰি ৰখাৰ উদ্দেশ্যে নগাঁও জিলাৰ পুৰণিগুদাম প্ৰেছ ক্লাৱে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। এইবাৰ যুৱ প্ৰজন্মক ঢোলবাদন আৰু বিহুনাচৰ প্ৰতি আকৰ্ষিত কৰাৰ স্বাৰ্থত এখন কৰ্মশালাৰ আয়োজন কৰে।

পুৰণিগুদাম প্ৰেছ ক্লাৱ আৰু হালোৱাগাঁও যুৱ মঞ্চৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন ঢোলবাদন আৰু বিহুনাচ কৰ্মশালাৰ শুকুৰবাৰে সামৰণি পৰে৷ শুকুৰবাৰে সামৰণি অনুষ্ঠানৰ পুৱা পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সভাপতি তপন কটকীয়ে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

♦ বিহু গীতে অতীতক ধৰি ৰাখেঃ জয়শ্ৰী মহন্ত

বন্তি প্ৰজ্বলন কৰে হালোৱাগাঁও অাঞ্চলিক যুৱ মঞ্চৰ সভাপতি মনমোহন বৰকটকীয়ে৷ দিনৰ এঘাৰ বজাৰ পৰা অনুষ্ঠিত আলোচনা চক্ৰ আৰু সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ঠ অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক তথা সুলেখিকা ড০ জয়শ্ৰী গোস্বামী মহন্তই বিহু অনুষ্ঠান জাতীয় জীৱনৰ সফুঁৰাৰ দৰে বুলি কয়৷ বিহু গীতে সাধু কথাৰ দৰে বহু পুৰণি কথা ধৰি ৰাখিবলৈ সক্ষম হৈছে বুলিও তেওঁ মন্তব্য কৰে।

"বহুতৰ মাজত বিৰ্তকৰ সূচনা হৈছে যে বিহু মঞ্চলৈ অহা উচিত নে অনুচিত, এইক্ষেত্ৰত আমি কওঁ গাঁৱৰ মানুহ যিদৰে বিভিন্ন কাৰণত চহৰমুখী হৈছে ঠিক সেইদৰে বাপোতি সাহোন বিহুটিও সেইসকল চহৰমুখী গঞা ৰাইজৰ প্ৰাণৰ তাগিদাৰে আন্তৰিকতাপূৰ্ণভাৱে চহৰমুখী হোৱাটো একো বেয়া নহয়।"-এইদৰে কয় লেখিকাগৰাকীয়ে।

নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাৰ সঞ্চালনাত 'বিহু আমাৰ সংস্কৃতি, বিহু আমাৰ জাতীয় পৰিচয়’ শীৰ্ষক আলোচনা চক্ৰখনত ড০ গোস্বামীয়ে বিহুক লৈ বহুতৰ মাজত স্মৃতিকাতৰতা থাকে বুলি কৈ সকলোকে বিহুক হেৰাই যাবলৈ নিদিবলৈ বুলি দৃঢ় হ'বলৈ আহ্বান জনায়৷

বিহু কেৱল আজি অসমতে নহয় বিহু কলকাতা, দিল্লী, আমেৰিকা, লণ্ডন আদিতো প্ৰদৰ্শিত হোৱাটো গৌৰৱৰ কথা বুলি উল্লেখ কৰি বিহুক বিজ্ঞানসন্মতভাৱে, শুদ্ধভাৱে নৱপ্ৰজন্মৰ মাজত বিলাই দিবলৈ যত্ন কৰাটো প্ৰতিগৰাকী অসমীয়াৰে গধুৰ দায়িত্ব বুলি গোস্বামীয়ে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে৷

পুৰণিগুদাম হালোৱাগাঁৱৰ ভেৰভেৰী মজলীয়া প্ৰাক-প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা আলোচনা চক্ৰখনত নগাওঁ প্ৰেছ ক্লাৱৰ সভাপতি তথা বিশিষ্ট লেখক শৈলেন শইকীয়া উপস্থিত থাকি নিজা সংস্কৃতি আৰু আত্ম পৰিচয়েৰে বিশ্বৰ বুকুত উজ্জ্বীৱিত হৈ থাকিব লাগিব বুলি মন্তব্য কৰে৷ "সংস্কৃতি প্ৰৱাহমান সুঁতি৷ গোলকীকৰণৰ যুগত সংস্কৃতিৰ আদান-প্ৰদান হ'বই।"- নিজৰ সংস্কৃতিৰ শিক্ষাৰে নৱ-প্ৰজন্মক সচেতন কৰি তুলিব লাগিব বুলি উল্লেখ কৰি এইদৰে কয় শইকীয়াই ৷

আলোচনা চক্ৰত বিহু সুৰক্ষা সমিতিৰ সহঃ সাধাৰণ সম্পাদক পদুম প্ৰসাদ শইকীয়া আৰু নগাওঁ জিলা বিহু সুৰক্ষা সমিতিৰ সদস্য অনুপ বৰুৱা আৰু হৰেন নাথ উপস্থিত থাকে৷ পুৰণিগুদামৰ জ্যেষ্ঠ সাংবাদিক কুলপ্ৰদীপ দাসে আঁত ধৰা সভাখনৰ মাজে মাজে বিহু কৰ্মশালাত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে বিহু নৃত্য, ঢোলবাদন, যোগাসন, দিহানাম আৰু কৃষ্ণ নৃত্য প্ৰৰ্দশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে৷

বিশিষ্ট অভিনেতা তৰুণ চন্দ্ৰ শইকীয়া, যুৱ নেতা শ্যামন্ত কাশ্যপ, বঢ়মপুৰৰ খণ্ড উন্নয়ন বিষয়া মুকিবুৰ ৰহমান, শিক্ষয়ত্ৰী বুলু বৰা, ৰেণু হাজৰিকা আৰু ললিত শইকীয়া উপস্থিত থাকে৷

সভাখনত কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক ৰাজু শইকীয়া আৰু সহঃ প্ৰশিক্ষক নিতুল হাজৰিকাক পুৰণিগুদাম প্ৰেছ ক্লাৱ আৰু হালোৱাগাওঁ আঞ্চলিক যুৱ মঞ্চৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷ পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সম্পাদক দিব্যজ্যোতি ভূঞাই শলাগৰ শৰাই আগবঢ়োৱা আলোচনা চক্ৰৰ অন্তত প্ৰশিক্ষাৰ্থীসকলক একোখনকৈ  মানপত্ৰ প্ৰদান কৰা হয়