বিহালীঃ বানাক্ৰান্ত কৃষকৰ বাবে বিহালীত আছুৱে পাৰিলে কঠিয়া৷ ৰাজ্যৰ কেইবাখনো জিলাত বানত কবলত পৰি কৃষকে ককবকাই থকাৰ সময়তে পাভৈ আঞ্চলিক ছাত্ৰ সন্থা আৰু অলকা গেছ এজেঞ্চিয়ে কৃষকক সহায় কৰাৰ বাবে ওলাই আহে৷

প্ৰায় চাৰিবিঘা মাটিত কঠিয়া সিঁচি কৃষকৰ মাজত বিতৰণ কৰিব ছাত্ৰ সংগঠনটোৱে৷ এই অনুযায়ী আজি পুৱা ১০ বজাত বিশ্বনাথ জিলাৰ উপায়ুক্ত আসিতক্ষ্য চক্ৰবৰ্তীয়ে কঠিয়া সিঁচি শুভাৰম্ভ কৰে কঠিয়া পৰা অনুষ্ঠানৰ৷

সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী, বিশিষ্ট সমাজকৰ্মী বীৰেণ ভাগৱতী, বিশ্বনাথ জিলা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উপদেষ্টা প্ৰতাপ শৰ্মা, পাভৈ বনাঞ্চলিক বিষয়া বুলন মহন্ত, সমাজ কৰ্মী পদুম বাঢ়ৈয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক আজমত শ্বেখ, পাভৈ আঞ্চলিক ছাত্ৰ-সন্থাৰ সভাপতি হেমন্ত সোনা, সাধাৰণ সম্পাদক জিন্টু বৰা, প্ৰাক্তন সভাপতি বিৰাজ কুৰ্মী, প্ৰাক্তন বিত্ত সম্পাদক স্বপন শইকীয়া, উদ্যামী কৃষক পূণ্য প্ৰসাদ খাউণ্ডো উপস্থিক থাকে কঠিয়া পৰা অনুষ্ঠানটোত।