Image for Representation
Image for Representation

গোৰেশ্বৰঃ ভেন্সাৰ শিক্ষকসকলক চাকৰি দিবৰ বাবে নহয়, শিক্ষকসকলক চাটাই কৰিবলৈহে পদ প্ৰাদেশিকীকৰণ বিল ২০১৭ গৃহীত কৰা হৈছে। এই অভিযোগ অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক ভূৱনেশ্বৰ লহকৰৰ।  তেওঁ আৰু কয় যে, ২০১১ চনৰ পদ প্ৰাদেশিকীকৰণ বিল, আৰু সংশোধনী ২০১২ আৰু ২০১৩ অধীনত যিখিনি পদ প্ৰাদেশিকীকৰণ হৈ গ'ল তাৰ পিছত ৰৈ যোৱা বিশেষকৈ সাত বছৰীয়া যোগ্যতা প্ৰাপ্ত ভেন্সাৰ শিক্ষকৰ পদ প্ৰাদেশিকীকৰণক লৈ এতিয়াও সকলোকে অন্ধকাৰতে ৰাখি থোৱা হৈছে।

১জানুৱাৰী ২০১৩ আৰু ১ আগষ্ট ২০১৪ চনৰ পৰা কাৰ্য্যকৰী হোৱাকৈ বকেয়া সহ দৰমহা প্ৰায় ১৬ শ কৌটি টকা আদায় দিবলগীয়া হোৱাত চক্ৰান্তমূলক ভাৱে প্ৰাদেশিকীকৰণ আইন, ২০১১ বাতিল কৰিছিল বুলিও তেওঁ অভিযোগ কৰে।

প্ৰাদেশিকীকৰণ আইন ২০১১ৰ অধীনত ৪১হাজাৰ পদ প্ৰাদেশিকীকৰণ হ'ল যদিও ৩৫ হাজাৰ শিক্ষক কৰ্মচাৰীক নতুনকৈ আইন জাপি দি সকলো সা সুবিধাৰ লগতে চাকৰিৰ পৰাও বঞ্চিত কৰাৰ এক ষড়যন্ত্র ৰচনা কৰি থকা হৈছে। ইয়াৰ প্ৰতিবাদত অহা ৩১ জুলাইত ৰাজধানী চহৰ গুৱাহাটীৰ দিঘলীপুখুৰী পাৰত ঐক্যমঞ্চই অৱস্থান  ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক ভূৱনেশ্বৰ লহকৰে কয় যে, শিক্ষা আয়ুক্ত আৰ চি জৈনৰ হতুৱাই প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত একাংশ শিক্ষকে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰীট আবেদনৰ ভিত্তিত  দাখিল কৰা শপতনামাত চৰকাৰে দোষ জাপি থৈ শিক্ষকক গিনিপিক সজাই কিছুমান আপত্তিজনক তথ্য আদালতত দাখিল কৰিছিল। যাৰ পৰিণতিত প্ৰাদেশিকীকৰণ বিল ২০১১ বাতিল হৈছিল ।

২৪-২৫ বছৰে চৰকাৰী বিধি মতে নিযুক্তি লাভ কৰি, চৰকাৰী বিভাগীয় অনুমোদন-স্বীকৃতি লাভ কৰি যোগ্যতা অৰ্জন কৰাৰ পিছত এতিয়া আকৌ নতুন নতুন কেন্দ্ৰীয় আইনৰ ধাৰা-উপধাৰা জাপি দি প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়া জটিল কৰি পেটত গামোচা বান্ধি শিক্ষকতা কৰা শিক্ষক-কৰ্মচাৰীক ভাতে মৰাৰ কৌশল ৰচনা কৰিছে বৰ্তমানৰ শিক্ষামন্ত্ৰীয়ে।

ইয়াৰ সবল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰাদেশিকীকৰণ আইন ২০১৭ৰ ব্যাপক সংশোধনীৰ দাবীক ৩১ জুলাইত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাৰ্যসূচীত সকলো পৰ্য্যায়ৰ ভেন্সাৰ শিক্ষক-কৰ্মচাৰীক দিনৰ ১১ বজাত উপস্থিত থাকিবলৈ ঐক্যমঞ্চৰ সাধাৰণ সম্পাদকগৰাকীয়ে আহ্বান জনাইছে।