ডিব্ৰুগড়ঃ সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ আৱক্ষ প্ৰতিমূৰ্ত্তি স্থাপন হ'ব মদাৰখাতত৷ আজি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি আৱক্ষ প্ৰতিমূৰ্ত্তি স্থাপনৰ স্থান-কাল সন্দৰ্ভত আলোচনা কৰা হয়৷

স্থানীয় গৰিয়সী জাতীয় বিদ্যালয়ত ভাৰতীয় গণনাট্য সংঘৰ মদাৰখাত শাখাৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয়৷ মদাৰখাত এচ আৰ চি উচ্চতৰ মাধ্যমিক বিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ কেশৱ দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত স্থানীয় ৰাইজে ঘোৰামৰা বজাৰৰ মাজমজিয়াত স্থাপন কৰাৰ সিদ্ধান্ত লয়৷

জানিব পৰা মতে, লাহোৱাল সমষ্টিৰ বিধায়ক পুঁজিৰে নিৰ্মাণ কৰা হ'ব সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ আৱক্ষ প্ৰতিমূৰ্ত্তি৷