বেতবাৰীঃ শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত আৰু শিৱসাগৰৰ তিনিটাকৈ স্বেচ্ছাসেৱী অনুষ্ঠান ‘খোজ’, ‘ৰংমন’ আৰু ‘যুগান্তৰ’ৰ সহযোগত ৩০ আৰু ৩১ জুলাইত শিৱসাগৰ নাট্য মন্দিৰত ষষ্ঠ বাৰ্ষিক শিশু নাট সমাৰোহ অনুষ্ঠিত হ’ব।

৩০ জুলাইত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৪ খন আৰু ৩১ জুলাইত ১২ খন শিশু নাট সহ সৰ্বমুঠ ২৬ খন শিশু নাট সমাৰোহত অংশ লব। কুৰিখন নাটকত নৱম শ্ৰেণীৰ পৰ্য্যন্ত ছাত্ৰই অংশগ্ৰহণ কৰিব। ১৫০ কিলোমিটাৰ দূৰৈৰ পৰা আহি সমাৰোহত অংশগ্ৰহণ কৰা নাট্য দলসমূহৰ বাবে থকাৰ ব্যৱস্থা কৰা বুলি আয়োজকসকলে জানিবলৈ দিছে।

অংশগ্ৰহণৰ মাচুল ৫০০ টকা। প্ৰতিটো নাট্যদলৰ প্ৰযোজক, পৰিচালক, অভিনেতা-অভিনেত্ৰীৰ নামসহ ফটো স্মৃতিগ্ৰন্থত প্ৰকাশৰ দিহা কৰা বুলিও আয়োজক সকলে জনায়।

প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ নাট্যদলক ক্ৰমে ২০,০০০, ১০,০০০ আৰু ৫,০০০ টকাৰ পুৰস্কাৰ প্ৰদান কৰাৰ লগতে শ্ৰেষ্ঠ শৃংখলাবদ্ধ নাট্যদলক ৩,০০০ টকাকৈ পুৰস্কাৰ প্ৰদান কৰা হ'ব।