ধনশিৰিঃ পথৰ বোকাৰ বাবে ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ ভয় কৰে তেওঁলোকে৷ এজাক বৰষুণ দিলেই কদৰ্য হৈ পৰে তেওঁলোকৰ বাট-পথ৷ গাড়ী-মটৰচাইকেল দুৰৰ কথা বাৰিষাৰ কালছোৱা হাৱাই ছেণ্ডেল পিন্ধিবলৈ ভয় কৰে তেওঁলোকে।

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ পূব-বৰপথাৰ গাঁও পঞ্চায়তৰ কেইবাখনো গাঁৱৰ পথসমূহ বোকা পানীৰে ভৰি পৰাত ৰাইজে এনেদৰে এতিয়া দুৰ্ভোগ ভূগিব লগা হৈছে। পূব-বৰপথাৰ গাঁও পঞ্চায়তৰ গ্ৰাম্যপথসমূহত বছৰ বছৰ ধৰি শিল-বালি নপৰাত এজাক বৰষুণতে বোকাৰ সৃষ্টি হয়।

জৰাৰ্জীণ খলা-বমা গ্ৰাম্য পথে একপ্ৰকাৰ ৰাইজক কোঙা কৰি পেলাইছে। পূব-বৰপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চকলি-দিঘলীপথাৰ গাঁৱৰ মূল পথটোত বৰষুণ নাই যদিও বোকা পানী এতিয়ালৈ শুকুৱা নাই। কিয়নো পথটো পথাৰৰে সমান হৈ পৰাত বহুদিনলৈ পানী জমা হৈ থাকে।

এতিয়া গাড়ী মটৰ বাদেই খোজ কাঢ়িবৰ বাবেও পৰিৱেশ নাই পথটোত। পথটোৰ পয়ালগা অৱস্থাৰ বাবে অঞ্চলটোৰ কোনো লোকৰ বেমাৰ-আজাৰ হলে ভগৱানৰ নাম লৈ আহ-যাহ কৰিব লগা হয়। আনহাতে পঞ্চায়ত কৰ্তৃপক্ষক পথটো নিৰ্মাণৰ বাবে আবেদন-নিবেদন কৰি আহিছে যদিও গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷