01
Aug
2017

কাছাৰঃ কাছাৰৰ কালাইনত এগৰাকী বোৱাৰীয়ে চিপ লৈ আত্মহত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মামুদা বেগম লস্কৰ নামৰ যুৱতীগৰাকীয়ে প্ৰায় ৬ মাহ পূৰ্বে কালাইন তাৰাপুৰৰ দিদাৰুল হক লস্কৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।
বিয়াৰ পাছৰে পৰা বোৱাৰীগৰাকীৰ সৈতে স্বামীৰ পৰিয়ালে প্ৰায়ে কাজিয়াত লিপ্ত হৈ আছিল বুলি অভিযোগ উত্থাপিত হৈছে৷ তাৰ মাজতে আজি চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সকলোকে হতভম্ব কৰি তোলে।
কালাইন আৰক্ষীয়ে স্বামী দিদাৰুল হক লস্কৰৰ ঘৰৰ পৰা বোৱাৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে৷
আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ শিলচৰ মেডিকেললৈ প্ৰেৰণ কৰে৷ মামুদাৰ পিতৃক হত্যা কৰি ৰছীৰে ওলোমাই থোৱাৰ অভিযোগ উত্থাপন কৰে৷
কালাইন আৰক্ষী থানাত গোচৰ ৰুজু কৰি পিতৃয়ে স্বামী দিদাৰুল আৰু শাহু-শহুৰক আটক কৰাৰ দাবী জনায়৷