
বেতবাৰীঃ শিৱসাগৰ জিলাৰ শিমলুগুৰি অঞ্চলৰ জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত আজি অাটাছুৰ হাঁহচৰা আঞ্চলিক সমিতিয়ে হাৰিপৰা তিনিঅালিত পথ অবৰোধ কাযৰ্সূচী ৰূপায়ণ কৰে।
কেইবাশতাধিক নেতা-কৰ্মীয়ে পথ অৱৰোধ কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি ক্ষোভিত হৈ পৰে৷ শিৱসাগৰ-নাজিৰা সংযোগী পথটোৰ কদৰ্যময় হৈ পৰাত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷ এই পথটোৰে অএনজিচিৰ গধুৰ যান বাহন অহা-যোৱা কৰে৷
পথটোৰে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, বিভিন্ন কোম্পানীৰ যান-বাহন, কাৰ্যালয় আদিৰ কৰ্মচাৰী দূৰণিবটীয়া যাত্ৰীয়ে দুৰ্ভোগ ভুগি আহিছে। স্থানীয় ৰাইজে পথটো মেৰামতিৰ দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰি আজি ছাত্ৰ সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে৷
প্ৰতিবাদৰ অন্তত আটাছুৰ হাঁহচৰা আঞ্চলিক সমিতিৰ সভাপতি ৰাতুল চেতিয়া, যুটীয়া সম্পাদক অবিনাশ চেতিয়া আৰু পাৰ্থ প্ৰতিম কোঁৱৰে স্মাৰক পত্ৰ শিৱসাগৰ জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে৷
এসপ্তাহৰ ভিতৰত নাজিৰা আলি মেৰামতি নকৰিলে গড়কাপ্তানি বিভাগৰ কাৰ্যালয় অনিদিষ্ট কাললৈ তলাবন্ধ কৰাৰ ভাবুকি প্ৰদান কৰে সংগঠনটোৱে৷ আটাছুৱে পথ অৱৰোধ কৰাৰ ফলত শিৱসাগৰ-নাজিৰা, শিমলুগুৰি সংযোগী পথটোত শ শ যান-বাহন আৱদ্ধ হৈ পৰে।