02
Aug
2017

কামপুৰঃ অৱশেষত ধৰা পৰিল সততে দম্ভালি মাৰি অহা কামপুৰৰ বন বিষয়া ঘনকান্ত হাজৰিকাৰ মিথ্যাচাৰ। বন বিষয়াজনে অঞ্চলটোত কোনো অবৈধ কাম-কাজ চলি থকা নাই বুলি কৈ অহাৰ মাজতে জব্দ হয় এটি অবৈধ কাঠফলা অবৈধ মিল।
কামপুৰৰ একাংশ সাংবাদিকৰ খবৰৰ ভিত্তিত নগাঁও বন বিভাগে অভিযান চলাই উক্ত কাঠ ফলা মিলটোৰ লগতে বহু চেগুণ গছৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়।
কামপুৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত গৰঙাআটিৰ পৰা বন বিভাগে জব্দ কৰে কাঠ মিলটো। দীৰ্ঘ দিনৰ পৰা কামপুৰৰ বন বিষয়া কাৰ্যালয়ক মেনেজ কৰি অবৈধ ভাৱে চলি আছিল মিলটো।
ৰাইজৰ অভিযোগৰ পিছত নগাওঁ জিলা বন বিষাক অৱগত কৰাত জিলা বন বিষয়া কাৰ্যালয়ে এই অভিযান চলায়। ইফালে কাঠফিলটো জব্দ হোৱাৰ পিছতে কামপুৰৰ বন বিষয়াজনৰ মুখমণ্ডল কেহৰাজ বৰণৰ হৈ পৰে।