বাহকাবাৰীঃ নগাঁও জিলাৰ কামপুৰৰ কপিলী নৈৰ পাৰৰ দেৱনাৰিকলি ৰত্নাৱলী থান অস্তিত্বৰ সংকটত৷ ১৭৮২ খৃষ্টাব্দত গোলাঘাট জিলাৰ নোগোৰাস্থিত দিহিং সত্ৰৰ ডেকা সত্ৰাধিকাৰ বৃন্দাবন চন্দ্ৰ দেৱ গোস্বামীয়ে নগাঁও জিলাৰ কামপুৰৰ দেৱনাৰিকলি গাঁৱত মাধৱদেৱ বিৰচিত ৰত্নাৱলী পুথিখন প্ৰতিষ্ঠা কৰিছিল।

আজিও দেৱনাৰিকলিৰ ৰত্নাৱলী থানৰ থাপনাত ৰত্নাৱলী পুথিখন আজিও আছে। ৰত্নাৱলী থান নামেৰে প্ৰখ্যাত এই থানখন এতিয়া অস্তিত্বৰ সংকটত পৰিছে। নিতৌ অগণন ভক্ত-বৈষ্ণৱৰ আগমন হোৱা থানখন কপিলী নৈৰ খহনীয়াৰ কবলত পৰিছে। থানখনৰ ৰক্ষাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজে৷

থানখন ৰক্ষাৰ স্বাৰ্থত খহনীয়া প্ৰতিৰোধৰ বাবে ৰিং বান্ধৰ ব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজে বঢ়মপুৰ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক অনুৰোধ জনাই আহিছিল৷

ৰাইজৰ অনুৰোধ মৰ্মে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই জল সম্পদ মন্ত্ৰী কেশৱ মহন্তক লগত লৈ কিছুদিন পূৰ্বে থানখন থকা এলেকাটো পৰিদৰ্শন কৰি প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে। দিন বাগৰি যোৱাৰ লগে লগেই কপিলীৰ বুকুত থানখনৰ পাছফালৰ প্ৰায় ভূমি জাহ যায়।

মন্ত্ৰী বিধায়কে অভিযন্তাৰ সহায়ত আঁচনি ৰূপায়ণ কৰি নিবিদা আহ্বান কৰালৈকে খহনীয়াত থানখন জাহ যাব বুলি শংকিত হৈ পৰিছে ৰাইজ। আনহাতে ঐতিহাসিক থানখন খহনীয়াত জাহ যাবলগীয়া হ'লে মন্ত্ৰী-বিধায়কক ক্ষমা কৰা নহ'ব বুলি ৰাইজে ক্ষোভ ব্যক্ত কৰে।

স্থানীয় বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তকো ৰাইজে তীব্ৰ সমালোচনা কৰে। সমষ্টিৰ এখন এতিহাসিক থানক লৈ গুৰুত্ব আৰোপ নকৰা বুলি প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে ৰাইজ সোচ্চাৰ হৈ পৰে৷ মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ হৈও বঢ়মপুৰ সমষ্টিৰ উন্নয়নত গুৰুত্ব নিদিয়া বুলিও ক্ষোভ উজাৰে ৰাইজে৷