02
Aug
2017

চৰাইদেউঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি বিৰাজ তালুকদাৰক সংগঠনটোৰ সাধাৰণ সদস্যৰ পৰা বহিস্কাৰ কৰাত সংগঠনটোৰ কেন্দ্ৰীয় উপদেষ্টা পৰিষদে ৰঙিয়া জিলা সমিতিৰ বলিষ্ঠ নেতা তথা কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ৰঞ্জন উপাধ্যায়ক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰে৷
প্ৰায় দুমাহ কাল ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব পালন কৰি উপাধ্যায়ে অন্য এগৰাকী উপ-সভাপতি দীপক হাজৰিকাক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰে৷
মঙলবাৰৰ এক বিবৃতি যোগে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে এক বিবৃতি যোগে সংগঠনটোৰ উপ-সভাপতি দীপক হাজৰিকাক কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অহা ২০ আগষ্টলৈকে দিয়া বুলি কৈ পৰিষদক সবল নেতৃত্ব দি যাব বুলি আশা প্ৰকাশ কৰে৷