কাজলগাঁওঃ চিৰাং জিলাৰ বিজনী মহকুমাৰ দুই নম্বৰ ডোঙাগাঁৱত আজি পুৱা ১০.৩০ বজাত ইটা কঢ়িওৱা ট্ৰাক এখন দলং ভাঙি নৈৰ পানীত পৰে ৷

ধুবুৰী জিলাৰ চাপৰ অঞ্চলৰ নিউ হাতীপোতাৰ পৰা বিজনী হৈ দুই নম্বৰ ডোঙাগাঁৱত প্ৰৱেশ কৰাৰ সময়তে এ এছ ০১-২০৩৯ নম্বৰৰ ট্ৰাকখন পাখাজানী নৈৰ কাঠৰ দলংখনৰ এটা ফাল ভাঙি ট্ৰাকখন পানীত পৰে ৷

চালক-হেণ্ডিমেনসহ ৫ জন আৰোহী থকা ট্ৰাকখনৰ দুজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়৷ আহত শ্ৰমিক দুজনক নিউ হাতীপোতাৰ হজৰত আলী(২০) আৰু শ্বাহআলম আলী(৩৫) বুলি চিনাক্ত কৰা হৈছে ৷

পিছত বিজনী থানাৰ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা আহতসকলক ভেটাগাঁও সামূহিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ বাকী সকল কম পৰিমাণে আহত হয় ৷

স্থানীয় ৰাইজে অভিযোগ কৰামতে নিম্নমানৰ কাঠ ব্যৱহাৰ কৰা বাবেই দলংখন এবছৰ নৌহওতেই এনেদৰে ভাঙি পৰে ৷