
ধনশিৰিঃ বিদ্ৰোহী সংগঠন এন এছ চি এনে অসমৰ লোকৰ পৰা সংগ্ৰহ কৰিছে গুণ্ডা টেক্স৷ নাগালেণ্ড চৰকাৰৰ ৰচিদত অসমীয়াই দিব লগা হৈছে ৭০০ৰ পৰা ২০০০ পৰ্যন্ত টকা৷
গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৰ চুঙাজান আৰক্ষী থানাৰ অন্তৰ্গত ন-খুতি, দুৰ্গাপুৰ, চুঙাজান এম ভি, নাওঘাট অঞ্চলত নগা উগ্ৰপন্থী এন এছ চি এনে নাগালেণ্ড চৰকাৰৰ নামত সংগ্ৰহ কৰিছে গুণ্ডা টেক্স৷
অসমৰ অট’ চালককে ধৰি বিভিন্ন যান-বাহনৰ চালক তথা মালিকৰ পৰা গুণ্ডা টেক্স সংগ্ৰহ কৰাৰ একাংশ লোকে অভিযোগ উত্থাপন কৰে।
অসমীয়া যুৱকসকলৰ পৰা নগা দূৰ্বৃত্তই এখন বাহনৰ পৰা ৭০০ টকাৰ পৰা ২০০০ টকালৈকে গুণ্ডা টেক্স লৈছে বুলি জানিৱ পৰা গৈছে।
আনহাতে শতাধিক অট’ চালকে বিজেপি চৰকাৰৰ সংখ্যালঘু সংস্থাপন আচঁনিৰ জৰিয়তে এই অট’ ক্ৰয় কৰি অ’টো চলাই জীৱন নিৰ্বাহ কৰিছে যদিও শেহতীয়া ভাৱে নগা উগ্ৰপন্থীয়ে ভাবুকীৰে ধন সংগ্ৰহ কৰাত বিমোৰত পৰিছে অ’টো চালক সকল।
অসম-নাগালেণ্ড সীমান্তৰ নিৰাপত্তা বাহিনীয়ে সকলো দেখি-শুনি নিৰৱতা অৱলম্বন কৰাত প্ৰতিবাদ কৰিবলৈ সাহস গোটাব পৰা নাই বুলি একাংশ অ’টোচালকে জানিবলৈ দিয়ে৷ নগা উগ্ৰপন্থীয়ে ৰছিদ দি অসমীয়া অট’ চালকৰ পৰা কৰ সংগ্ৰহ কৰা কাৰ্যত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।