03
Aug
2017

লালুকঃ আধাৰ কাৰ্ডৰ কাৰ্যালয় স্থাপনৰ নামত লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ নিবনুৱা যুৱক-যুৱতীৰ পৰা হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰাৰ অভিযোগত বিহপুৰীয়া আৰক্ষীয়ে দুজন যুৱকক আটক কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে৷
হাৰমতীৰ ইন্দ্ৰজিৎ ডেকা আৰু অজয় দেউৰী নামৰ যুৱক দুজনে নিজকে গুৱাহাটীস্থিত প্ৰাগজ্যোতিষ এগ্ৰ’টেক লিমিটেডৰ সদস্য বুলি পৰিচয় দি জিলাখনৰ বিভিন্ন প্ৰান্তৰ একাংশ নিবনুৱা যুৱক-যুৱতীক আধাৰ কাৰ্যালয় স্থাপনৰ প্ৰতিশ্ৰুতিৰে পোন্ধৰ হাজাৰকৈ টকা সংগ্ৰহ কৰিছিল৷
কালি নিশা একাংশ নিবনুৱাই যুৱক দুজনক আটক কৰি বিহপুৰীয়া আৰক্ষীক চমজাই দিয়ে৷ ইপিনে যুৱকদ্বয়ে কমন ছাৰ্ভিচ চেন্টাৰ স্থাপনৰ বাবেই আগতীয়াকৈ ধন লোৱা বুলি উল্লেখ কৰি উক্ত কেন্দ্ৰৰ জৰিয়তে আধাৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি অনলাইনৰ জৰিয়তে জনসাধাৰণক বিভিন্ন চৰকাৰী সেৱা আগবঢ়াব পৰা যাব বুলি উল্লেখ কৰে৷