
ডিফুঃ বহু জল্পনা কল্পনাৰ অন্তত আজি কাৰ্বি স্বায়ত্ত পৰিষদৰ নৱ নিৰ্বাচিত কাৰ্যবাহী সদস্য সকলৰ মাজত দপ্তৰ বিতৰণ কৰে মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে৷
সদ্য ঘোষিত কাৰ্বি স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত গেৰুৱা দল বিজেপিয়ে ২৪ খন আসনেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ প্ৰায় এমাহৰো অধিক কালৰ পিছত আজি নিৰ্বাচিত কাৰ্যবাহী সদস্য সকলৰ মাজত বিভাগীয় দপ্তৰ সমূহ বিতৰণ কৰি এমাহজোৰা উৎকণ্ঠাৰ অৱসান ঘটাই৷
কাৰ্যবাহী সদস্য সকলৰ মাজত পত্ৰ সমূহ বিতৰণ নকৰাত পাহাৰীয়া জিলাখনত ব্যাপক চৰ্চা আৰম্ভ হৈছিল৷ কোনে কি দপ্তৰ পাব তাক লৈ হৈছিল বহু হিচাপ নিকাছ৷
কিন্তু আজি মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে নিজৰ হাতত বিত্ত পাৰ্চনেল ৰাখি, প্ৰদীপ ৰংপিক জনস্বাস্থ্য কাৰিকৰি, উদ্যোগ আৰু বাণিজ্য, জগত চিং ইংতিকউচ্চ প্ৰাপ্ত বয়স্ক, কাৰিকৰী শিক্ষা, আৰ এম এছ এ, ডায়েট ঈৰু পুথি ভঁড়াল আৰৱ এছ এছ এ, খন চিং ৰংপিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, মুদ্ৰণ আৰু আঁচ-বাব বিভাগ দিয়ে। আনহাতে ৰতন টেৰণক নগৰ আৰু গ্ৰাম্য পৰিকল্পনা, নগৰ সমিতি পৰিক্ৰমা আৰু হস্ত তাঁত আৰু বস্ত্ৰ শিল্প দপ্তৰ দিয়ে।
ৰূপচিং টেৰণক মীণ, ভূমি ৰাজহ, ভূমি সংস্কৰণ আৰু কলা সংস্কৃতি, তৰেন্দ্ৰ ব্ৰক্ষ্মক পশু পালন, পশু চিকিৎসা, আৰু দুগ্ধ উন্নয়ণ, কাছে ৰংপিপিক পৰিয়াল কল্যাণ আৰু আইচিডিএছ, মাধূৰ্য্য ঢেকিয়াল ফুকণক ভূমি সংৰক্ষণ, ডিআৰ ডিএ পুৰাতত্ব আৰু মিউজিয়াম, ৰাজু তিচ’ ক ৰেচম, সমবায় আৰু আবকাৰী, অমৰ চিং তিচ’ক জলসিঞ্চন, কৃষি, তথ্য আৰু জন সংযোগ, জল সম্পদ, ওজন আৰু জোখ-মাখ আৰু ধনশিৰি পৰিষদীয় সমষ্টিৰ প্ৰদীপ ডিফুচাক খাদ্য আৰু অসামৰিক যোগান, গ্ৰাহক পৰিক্ৰমা আৰু পৰিবহণ বিভাগৰ দপ্তৰ বিতৰণ কৰে৷
দপ্তৰ সমূহ বিতৰণ কৰাৰ লগে লগে কাৰ্বি পৰিষদত ৰাজনৈতিক অচলাৱস্থাৰ অৱসান ঘটে৷ নৱ নিৰ্বাচিত কাৰ্যবাহী সদস্য সকলে অনাগত দিনত দপ্তৰ সমূহৰ সঠিক দায়িত্ব পালন কৰি পিছপৰা পাহাৰীয়া জিলাখনৰ সম উণ্ণয়ণ আৰৱ সম বিকাশৰ কিদৰে অগ্ৰসৰ হয় সেয়া সময়ে নিৰূপণ কৰিব৷