
কলিয়াবৰঃ নগাঁও জিলাৰ জখলাবন্ধা চিকিৎসালয়ত বৃহস্পতিবাৰে নিশা ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। নিয়মীয়া বিদ্যুৎ সেৱা অব্যাহত থকাৰ পিছতো চিকিৎসালয়খনত পৰ্যাপ্ত লাইট আৰু ফেনৰ ব্যৱস্থা নকৰাত এনে পৰিস্থিতিয়ে দেখা দিয়ে।
প্ৰাপ্ত বাতৰি মতে, ১০-১৫ খনকৈ বিছনাৰে ভৰা প্ৰতিটো কোঠাত মাত্ৰ এটা লাইট আৰু এখন ফেনেৰেই জখলাবন্ধা এফ আৰ ইউত ৰোগীক চিকিৎসা প্ৰদান কৰি অহা হৈছে। ফলত টৰ্ছ আৰু মোবাইল ফোনৰ পোহৰৰেই ৰোগীক আগবঢ়াবলগীয়া হৈছে চিকিৎসা সেৱা।
এই ঘটনাক কেন্দ্ৰ কৰি নিশা চিকিৎসালয় কৰ্তৃপক্ষ আৰু ৰোগীৰ আত্মীয়ৰ মাজত সৃষ্টি হয় তৰ্ক-বিতৰ্কৰ। চিকিৎসালয়খনত নিয়মীয়া বিদ্যুৎ যোগান থকাৰ লগতে জেনেৰেটৰৰ ব্যৱস্থা থকাৰ পিছতো আন্ধাৰ আৰু গৰমত ককবকাবলগীয়া হোৱাত ক্ষুব্ধ হৈ পৰে চিকিৎসাধীন ৰোগীসকলৰ অভিভাৱক।
এই অভাৱ-অভিযোগৰ কথা ক'বলৈ যোৱা ৰোগীৰ আত্মীয়ক বিভিন্ন অবান্তৰ কথা কৈ ওলোটাই অপদস্থহে কৰে চিকিৎসালয়খনৰ অধীক্ষকগৰাকীয়ে। অধীক্ষকে এশখন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নীতকৰণৰ প্ৰক্ৰিয়া অব্যাহত থকা ত্ৰিশখন বিছনাযুক্ত জখলাবন্ধা চিকিৎসালয়ত ৰোগীক ৰখাৰ ব্যৱস্থা নাই বুলি মন্তব্য কৰাত ক্ষুব্ধ হৈ পৰে ৰোগীৰ আত্মীয়সকল।