
ৰঙিয়াঃ তেওঁৰ হাতত এটা প্লাষ্টিকৰ মোনা৷ হাতখনত মোনাখন লৈ তেওঁ প্ৰবেশ কৰিছে এখন মােবাইলৰ দোকানত৷ কোনো লোক নথকা দোকানখনত ইফালে-সিফালে ঘূৰি চাইছে৷ দোকানৰ আলমাৰীত হাতখন ভেজা দি সহজ হৈ লৈছে৷
তাৰ পাছত হাতখনেৰে সজাই থোৱা মোবাইলৰ মাজৰ পৰা এটা মোবাইল আনি আলমাৰীৰ ওপৰত থলে। বাহিৰৰ ফালে চাই মুখেৰে মোনাখন কামুৰি ধৰি মোবাইলটো ভৰাই লৈ উধাও হয় তেওঁ৷
মাথো ২৫ছেকেণ্ড সময়৷ এই ২৫ ছেকেণ্ড সময়তে তেওঁ পূৰ্ব পৰিকল্পনা অনুযায়ী লুটি নিলে দহ হাজাৰ টকাৰ এটি ছেমছাং মোবাইল৷ এই ঘটনা সংঘটিত হৈছে ৰঙিয়াত৷
ৰঙিয়া চহৰৰ শান্তিপুৰৰ 'ৰয় মোবাইল' নামৰ দোকানখনত সংঘটিত হয় এই ঘটনা৷ দোকানখনত পুৱাই গৰাকীয়ে দোকান খুলিছে মাথো৷ ঝাডু লগাই ধূপ-ধুনা দিবৰ বাবে পানী আনিবলৈ গ’ল দোকানীজন৷
পানীখিনি আনিয়েই দোকানত উপস্থিত হৈ চিচিটিভিৰ দৃশ্য চাই দোকানীজনৰ চকু কপালত উঠে৷ আজব মোবাইল চোৰৰ কায়দা দেখি আচৰিত হৈ পৰে দোকানী। এখন হাতেৰে চোৰে মুহূৰ্ততে মোবাইল হেণ্ডছেট লৈ উধাও হোৱা সমস্ত দৃশ্য বন্দী হয় চিচিটিভি কেমেৰাত।
হাতত এখন মোনা লৈ থকা এখন হাত নথকা লোকগৰাকীক ভিক্ষা খুজিবলৈ অহা যেন লাগে। সেই লোকজনেই যে এনেকৈ মোবাইল লৈ উধাও হ'ব সেয়া সপোনৰো অগোচৰ আছিল দোকানীজনৰ।
দোকানীয়ে ততাতৈয়াকৈ বাহিৰলৈ আহি লোকজনক বিচাৰে যদিও তেতিয়ালৈকে বতাহৰ লগত মিলি গৈছিল এখন হাত নথকা ডিজিটেল চোৰ।