
বিহালীঃ বাৰিষাৰ ৬ মাহ বোকা পানীৰ মাজেৰে আহ-যাহ কৰে বিহালীৰ বৰজাৰণিবাসীয়ে৷ শিক্ষা, স্বাস্থ্য, বিশুদ্ধ খোৱাপানী আদিৰ পৰা বঞ্চিত বৰজাৰণীবাসীয়ে ৰাস্তা-ঘটৰ বাবে ব্যাপক সমস্যাত পৰে৷
বিহালী বিধান সভা সমষ্টিৰ বাঘমৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰজাৰণীবাসীক বাট-পথৰ বাবে যমৰ-যাতনা ভোগ কৰি আহিছে।
২নং বৰজাৰণি-বিৰিজান গ্ৰাম্য পথটো খোজ দিবৰ বাবে উপায় নাই৷ ঠায়ে ঠায়ে একাঁঠু বোকা৷ বছৰ বছৰ ধৰি মাটি এচপৰা শিল-বালি পৰা নাই৷ পথটোৰে গাঁৱৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে বোকা-পানী গচকি বিদ্যালয়লৈ অহা-যোৱা কৰিবলগীয়া হয়।
বৰজাৰণি-বিৰিজান, তিনিসুতি আৰু মোনাবাৰী অঞ্চলৰ বাট-পথ সমূহ এতিয়া পুখুৰী নে পথাৰ ধৰিবই নোৱাৰি৷ কোনো লোকৰ আকস্মিক ৰোগ হলে গাঁও কেইখনলৈ আহিব নোৱাৰে এম্বুলেঞ্চ।
যাৰ বাবে ৰোগীক চিকিত্সালয়ত নিব লগা হয় চাইকেলত৷ শীঘ্ৰে বিহালীৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তক মেৰামতি কৰিবলৈ বৰজাৰণিবাসীয়ে আহবান জনাইছে।