16
Aug
2017

বালিপৰাঃ চাৰিদুৱাৰত বিজেপিৰ চাৰিদুৱাৰ মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাত খিতাপ জয় কৰিছে গাৰোগাও এফ.চিয়ে।
যোৱা ২৮ জুলাইৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখনত দলটোৱে চাৰিদুৱাৰ একাদশক নিৰ্ধাৰিত সময়ৰ ভিতৰত ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰে।
চূড়ান্ত খেলখনৰ লগত সংগতি ৰাখি দিনৰ ২ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাকে আদি কৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি।