ডিজিটেল ডেস্কঃ Cash Crunchক লৈ চৌদিশে এতিয়া হাহাকাৰ৷ দেশৰ কেইবাখনো ৰাজ্যত যোৱা মাৰ্চ মাহৰ পৰা নগদ টকাৰ কম হোৱাৰ ফলত এটিএম এতিয়া কেচ লেচ হৈ পৰিছে৷ নদগ ধন নোহোৱাৰ ফলত ছচিয়েল মিডিয়া কৌতুকেৰে ভৰি পৰিছে৷ 

বিমুদ্ৰাকৰণৰ সময়ত দীঘলীয়া শাৰী পাতি এটিএমৰ পৰা নিজৰ সাঁচতীয়া ধন উলিয়াবলৈ সময় নষ্ট কৰাৰ ভয়াৱহ স্মৃতি দুৰ নৌহওতেই তেনেই এক পৰিস্থিতিয়ে দেখা দিব পাৰে বুলি শংকিত হৈছে ৰাইজ। সমগ্ৰ দেশত তেনেই এক সম্ভাৱনা প্ৰকট হৈ পৰিছে বুলি অনুভৱ হয় ছচিয়েল মিডিয়াৰ প্ৰচাৰ পৰিলক্ষিত কৰিলে। 

অসমতো যোৱা ৫ দিন কম বেছি পৰিমাণে তথা ৰঙালী বিহুৰ প্ৰাকমুহুৰ্তত এনে এক পৰিস্থিতি দেখা গৈছিল৷ গুৱাহাটীকে ধৰি অসমৰ প্ৰমুখ চহৰবোৰৰ এটিএমবোৰ উদং হৈ পৰিছিল। কিন্তু লাহে লাহে এটিএমত টকা পোৱা হোৱা বুলি খবৰ আহিছে৷

নোট বন্দীৰ পিছত পুনৰ নোট বন্দী সমৃশ পৰিস্থিতিৰ সৃষ্টি হয় দেশত৷ ২০১৪ চনৰ ৮ নৱেম্বৰৰ কথা দেশবাসীয়ে পুনৰ মনত পেলাই শংকিত হৈ পৰে৷ এই নিশাই দেশৰ প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনৰ ৮ নৱেম্বৰৰ নিশা নোটবন্দীৰ কথা ঘোষণা কৰে৷ 

দেশত এনে পৰিস্থিতিৰ সৃষ্টি হৈছিল প্ৰতিগৰাকী লোক ঘৰৰ পৰা ওলাই আহি বেংকত শাৰী পাতিছিল৷ নগদ টকা আৰু কৰিবৰ বাবে আৰু নগদ টকা উলিয়াহৰ হাহে মানুহে ঘণ্টাৰ পিছত ঘণ্টা ধৰি থিয় পাতিব লগা হৈছিল৷ প্ৰায় ১১০ গৰাকী লোক মৃত্যুৰ মুখত পৰিছিল৷

এটি হিন্দী ভাষাৰ ৱেব ছাইটত প্ৰকাশ পোৱা খবৰ মতে, কৰ্ণাটকৰ নিৰ্বাচনৰ বাবে নোটৰ অভাৱ হোৱা বুলি কয়৷ একাংশ লোকে টকা জমা কৰি ৰখাৰ ফলত নগদ ধনৰ অভাৱ হোৱা বুলি কয়৷ তাৰ পিছৰে পৰা মানুহৰ শংকা বৃদ্ধি হয় নগদ ধনক লৈ৷ 

জেএইউৰ অৰ্থনৈতিক বিভাগৰ অধ্যাপক অৰুণ কুমাৰে ব্যৱস্থাত নগদ ধন মজুত ৰখাৰ ফলত ‘বলেছিটি অৱ কাৰেন্সি’ হৈছে বুলি কয়৷ মানুহৰ হাতত টকা জমা আছে ওলাই অহা নাই৷ তাৰ মানে যদি আপুনি টকা বেছি খৰচ কৰিছে তেন্তে ব্যৱস্থাত টকা থাকিব তেতিয়া ‘বলেছিটি অৱ কাৰেন্সি’ বেছি হয়৷

বিয়াৰ সময়, বিহুৰ সময়, বৈচাসী, পংগাল আদি উৎসৱৰ বাবে জমাখোৰৰ সংখ্যা বৃদ্ধি হয়৷ বিয়া আৰু উৎসৱ প্ৰতিবছৰে হয় আৰু সেই কাৰণে উৎসৱ আৰু বিয়াৰ বাবে টকাৰ অভাৱ নহয় বুলি কয় অধ্যাপক অৰুণ কুমাৰে৷ তেওঁ কয় এয়া অপপ্ৰচাৰৰ দ্বাৰা পৰিচালিত হ’ব পাৰে৷ 

গ্ৰাম্য এলেকাত সময়ে সময়ে এটিএমত টকা নাথাকে৷ এয়া নতুন ঘটনা নহয় পূৰ্বে এনে হয়৷ কিন্তু মানুহৰ মানসিকতা সলনি হৈ গৈছে৷ কিয়নো দেশৰ প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনৰ ৮ নৱেম্বৰৰ নিশা নোটবন্দীৰ কথা ঘোষণা কৰাৰ পিছৰ পৰিস্থিতৰ কথা মানুহে আজিও পাহৰিব পৰা নাই৷ যাৰ বাবে নোটবন্দীৰ সময়ৰ পৰিস্থিতৰ কথা স্মৰণ কৰি মানুহে বেছি শংকিত হৈ পৰিছে৷