
কোকৰাঝাৰঃ কোকৰাঝাৰস্থিত তিতাগুৰিত দিন-দুপৰতে অচিনাক্ত দুস্কৃতিকাৰীয়ে ছাত্ৰ নেতা লাফিকুল ইছলাম আহমেদক গুলীয়াই হত্যা কৰা ঘটনাই আজি দহটা দিন উকলি যোৱাৰ পিছতো অসম আৰক্ষীয়ে হত্যাকাণ্ডৰ প্ৰকৃত নায়কক কৰায়ত্ত কৰিবলৈ সক্ষম নোহোৱাত আজি ক্ষুব্ধ হৈ পৰিছে জাতীয় ছাত্ৰ সংগঠনৰ যৌথ মঞ্চ৷
উল্লেখ্য যে লাফিকুলৰ হত্যাকাণ্ডৰ স্পৰ্শকাতৰ দিশটোক লৈ কোকৰাঝাৰ কৃষি অতিথিশালাত আজি এবিএমছুৰ উদ্যোগত এবছু, আক্ৰাছু আৰু আছুকে ধৰি ১৩ টাকৈ দল-সংগঠনৰ নেতৃবৃন্দৰ উপস্থিতিত এক যৌথ সভা অনুষ্ঠিত হয়৷
♦ আৰক্ষী অধীক্ষকক নিলম্বনৰ দাবী
♦ চিবিআই তদন্তত অটল যৌথ মঞ্চ
♦ ছালাকাটিত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক
উক্ত যৌথ সভাত লাফিকুল হত্যাকাণ্ডৰ সৈতে সাঙোৰ খাই পৰা কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙক তদন্তৰ খাতিৰত শাস্তিমূলক বদলি কৰা তথা নিলম্বন কৰা, লাফিকুল হত্যাকাণ্ডৰ চিবিআই তদন্তৰ দাবী আৰু এছআইটিৰ তদন্তৰ অগ্ৰগতি ৰাজহুৱা কৰিবলৈ অসম চৰকাৰৰ গৃহবিভাগক পোন্ধৰ আগষ্টলৈকে চৰম সময়সীমা বান্ধি দিয়ে। অন্যথা এবিএমছুয়ে সকলো জাতি,জনগোষ্টীৰ দল-সংগঠনক লৈ অহা ১৮ আগষ্টত কোকৰাঝাৰৰ পৰাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷
এইক্ষেত্ৰত এবিএমছুৰ সাধাৰণ সম্পাদক শ্বাহকামাল খন্দকাৰে যৌথ বৈঠকৰ অন্তত দিয়া এক সংবাদমেলত ছাত্ৰ নেতা লাফিকুলৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰ আমাক লাগিবই বুলি মন্তব্য কৰি চৰকাৰক ১৫ আগষ্টৰ ভিতৰত হত্যাৰ ৰহস্য ৰাজহুৱা কৰাৰ বাবে দাবী জনায় ৷ তেওঁ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়াৰ গতি গৃহবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী নতুবা আৰক্ষী সঞ্চালক প্ৰধানে ৰাজহুৱা কৰক বুলিও সজোৰে দাবী উত্থাপন কৰিছে৷
প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ সময়ছোৱাত ছাত্ৰ নেতা এজনক গুলীয়াই হত্যা কৰা ঘটনা এক সাধাৰণ ঘটনা নহয় বুলিও চৰকাৰক উনুকিয়াই দি আজিৰ যৌথ সভাই অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰো এক সিদ্ধান্ত গ্ৰহণ কৰে ৷ যৌথ সভাত অংশ লোৱা এবছুৰ সহকাৰী সাধাৰণ সম্পাদক খৌৰমদাও ওৱাৰীয়ে কয় যে লাফিকুলৰ হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত এবছু একমত আৰু উক্ত হত্যাকাণ্ডৰ ন্যায় বিচাৰি দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক দাবী সম্বলিত এক যৌথ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলি সিদ্ধান্ত লোৱাৰ কথা জানিবলৈ দিয়ে৷
আনহাতে আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনে লাফিকুল হত্যাকাণ্ডৰ ১০ দিন উকলি যোৱাৰ পিছতো গৃহবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে তদন্ত প্ৰক্ৰিয়াত কি পালে সেয়া ৰাজহুৱা কৰাৰ দাবী তোলে ৷ তেওঁ কোকৰাঝাৰ আৰক্ষী অধীক্ষকক নিলম্বন কৰাৰ সৎ সাহস মুখ্যমন্ত্ৰী আৰু ডিজিপিৰ কিয় নহ'ল বুলি আশ্চৰ্যবোধ প্ৰকাশ কৰে৷
আজিৰ যৌথ সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য সাংগঠনিক সম্পাদক ব্ৰজেন বৰুৱা, আক্ৰাছুৰ (প্ৰ)সাধাৰণ সম্পাদক গোকুল বৰ্মন, আছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক নৱজ্যোতি ৰায় আৰু আমছুৰ সাধাৰণ সম্পাদক ৰেজাউল কৰিমে একেমুখে লাফিকুল হত্যাকাণ্ডত জড়িত হৈ পৰা কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙক তাৎক্ষণিকভাৱে নিলম্বন কৰি তদন্ত প্ৰক্ৰিয়া চিবিআইক অৰ্পণ কৰাৰ দাবী উত্থাপন কৰিছে৷
উল্লেখ্য যে আজিৰ যৌথ সভাত আদিবাসী জাতীয় মহাসভাৰ সভাপতি বয়েল হেমব্ৰম, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা কায়েম আলি, আগছুৰ নেতা অশোক শৰ্মা, গৰিয়া মৰিয়া দেশী জনগোষ্ঠীয় পৰিষদৰ ফজলুল কৰিম, বিটিএডি নাগৰিক অধিকাৰ মঞ্চৰ নেতা নজৰুল ইছলাম আৰু চাওতাল ছাত্ৰ সন্থাৰ সভাপতি চাইমন কিস্কুও উপস্থিত থাকে।
প্ৰয়াত ছাত্ৰ নেতা লাফিকুলৰ হত্যাকাণ্ডৰ দহটা দিন অতিক্ৰম কৰাৰ পিছত আজি ছালাকাটিস্থিত লাফিকুলৰ বাসগৃহত প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী ছিদ্দিক আলি আহমেদ উপস্থিত হয়। প্ৰয়াত ছাত্ৰ নেতা লাফিকুলৰ পৰিয়ালক সাক্ষাৎ কৰি ছিদ্দিক আলি আহমেদে পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰি সাংবাদিকৰ আগত লাফিকুলৰ হত্যাকাণ্ড এক ৰাজনৈতিক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি সমগ্ৰ ঘটনাটোৰ চিবিআই তদন্তৰ দাবী উত্থাপন কৰাৰ উপৰিও কোকৰাঝাৰ আৰক্ষী অধীক্ষকক তদন্তৰ আওতাত অনাৰ লগতে নিলম্বনৰ দাবী জনাইছে ৷
ইফালে, লাফিকুলৰ পৰিয়ালক আজি সাক্ষাৎ কৰে মুছলিম কল্যাণ পৰিষদ আৰু সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ যৌথ দল এটাই ৷ মুছলীম কল্যাণ পৰিষদৰ সভাপতি অমৰ ফাৰকে সাংবাদিকৰ আগত কয় যে লাফিকুল হত্যাকাণ্ডৰ দহ দিন উকলি যোৱাৰ পিছতো হত্যাকাৰীক কৰায়ত্ত কৰিব নোৱাৰা কাৰ্য চৰকাৰৰ গৃহবিভাগৰ চৰম ব্যৰ্থতা৷ তেওঁ হত্যাকাণ্ডটোক একমুখে ৰাজনৈতিক হত্যাকাণ্ড আখ্যা দি বিটিএডিত হাগ্ৰামা মহিলাৰীয়ে সংখ্যালঘুৰ দৰদী নেতা হিচাপে প্ৰিয়ভাজন হৈ পৰাত বিপিএফ দলক বেয়া পোৱা হত্যাকাণ্ডটোত তৃতীয় পক্ষৰ হাত থকা বুলি বিস্ফোৰক মন্তব্য আগবঢ়ায়৷